নেশ্যনেল ডেস্ক, 28 এপ্ৰিল : Covid-19 মহামাৰীৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত 50 শতাশ যাত্ৰীবাহী বাহনৰ বিক্ৰীত বাধাৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰিছে Crisil Research য়ে ৷ পৰৱৰ্তী সময়তো যাত্ৰীবাহী বাহন আৰু দুচকীয়া বাহনৰ বিক্ৰীত সংকটে দেখা দিব বুলি মন্তব্য কৰিছে
Covid-19 ৰ ফলত 50 % যাত্ৰীবাহী বাহনৰ বিক্ৰীত বাধা - Covid-19 ৰ ফলত 50 % যাত্ৰীবাহী বাহনৰ বিক্ৰীত বাধা
50 শতাশ যাত্ৰীবাহী বাহনৰ বিক্ৰীত বাধাৰ সৃষ্টি হব বুলি মন্তব্য কৰিছে Crisil Research য়ে ৷ লকডাউনৰ অন্ত পৰাৰ পাচতো বাহনৰ বিক্ৰীত বাধা আহি পৰিব বুলি জানিবলৈ দিয়ে Crisil Research য়ে ৷
Covid-19 ৰ ফলত 50 % যাত্ৰীবাহী বাহনৰ বিক্ৰীত বাধা
Crisil Research য়ে কয়, ৰাষ্ট্ৰজোৰা লকডাউন 3 মে'ত অন্ত পৰিলেও অট'মোবাইল ডিলাৰসমূহ কেনে অঞ্চলত আছে তাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ব্যৱসায় চলিব ৷
কৰ'ণা ভাইৰাছে ভয়াবহভাৱে প্ৰভাৱ পেলোৱা জিলাসমূহত বিক্ৰীৰ হাৰ পৃথক হ'ব ৷ ইয়াৰ ফলত যাত্ৰীবাহী বাহনৰ অৰ্ধাংশ আৰু দুচকীয়া বাহনৰ এক তৃতীয়াংশ বাধাগ্ৰস্ত হব বুলি Crisil Research য়ে মন্তব্য কৰিছে ৷