অসম

assam

ETV Bharat / business

ভাৰতৰ সৈতে চুক্তিক লৈ আশাবাদী অষ্ট্ৰেলিয়া - ইণ্ডো-পেছিফিক

ইণ্ডো-পেছিফিক মানে চীনৰ বিৰুদ্ধাচৰণ কৰা নহয় ৷ ৰাষ্ট্ৰদূতগৰাকীয়ে অষ্ট্ৰেলিয়াৰ ইণ্ডো-পেছিফিক নীতি যে মূলত আছিয়ানকেন্দ্ৰিক সেই কথাত গুৰুত্ব প্ৰদান কৰিছে । শক্তিশালী গণতন্ত্ৰৰ সৈতে কাম কৰা, বাণিজ্যিক সম্পৰ্ক  শক্তিশালী কৰা আৰু আমেৰিকাৰ সৈতে মিত্ৰতা স্থাপনত প্ৰাধান্য দিয়াটোৱে চীনৰ সৈতে এক গঠনমূলক সম্পৰ্ক স্থাপনৰ লক্ষ্যকহে সূচায়, ইয়াক ঠাণ্ডা কৰা বা বিৰুদ্ধাচাৰণ কৰা নহয় । “আমি এনে এক ইণ্ডো-পেছিফিক অঞ্চল বিচাৰোঁ য’ত দেশসমূহ মুক্ত, সাৰ্বভৌম, স্বাধীন আৰু য’ত দেশসমূহে নিজৰ ইচ্ছা অনুযায়ী স্বাধীনতা ব্যৱহাৰ কৰিব পাৰে। এই সকলোবোৰ দিশতে ভাৰতৰ যে কিবা বিদ্বেষ আছে সেয়া মই নাভাবো ।” ইণ্ডো-পেছিফিকক এক উমৈহতীয়া উদ্দেশ্য বুলি কৈ সান্ধুৱে এনেদৰে মন্তব্য কৰে । চীনক নিয়ন্ত্ৰণ কৰিবলৈহে আমেৰিকাৰ প্ৰৰোচনাত ইণ্ডো-পেছিফিক প্ৰচেষ্টা লোৱা হৈছে বুলি ৰাছিয়াৰ বিদেশ মন্ত্ৰী লাভ্ৰভে কৰা মন্তব্য সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “এয়া কোনো এখন দেশে আধিপত্য বিস্তাৰ কৰা ধাৰণা নহয়, কাৰোবাক সোমোৱা বা বাহিৰ কৰাৰো এয়া ধাৰণা নহয় । এয়া মাথো আমি বাস কৰা বা আমি পাবলগীয়া এক কৌশলপূৰ্ণ পৰিৱেশ তৈয়াৰৰ চেষ্টাহে । যিকোনো ভৌগলিক ধাৰণাত, চীন ইণ্ডো-পেছিফিকৰে অংশ ।”

AUSTRALIA HOPEFUL TO LOGISTIC
ভাৰতৰ সৈতে চুক্তিক লৈ আশাবাদী অষ্ট্ৰেলিয়া

By

Published : Jan 31, 2020, 11:08 AM IST

“এফ এ টি এফত পাকিস্তানক ‘গ্ৰে’ লিষ্ট’ত অন্তৰ্ভুক্ত কৰাক সমৰ্থন কৰে অষ্ট্ৰেলিয়াই”-ৰাষ্ট্ৰদূত ৷ বিগত চাৰি বছৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত কৌশলপূৰ্ণ আৰু সামৰিক সম্পৰ্ক যথেষ্ট উন্নত হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে কাৰ্যকাল সম্পন্ন কৰিবলৈ ওলোৱা অষ্ট্ৰেলিয়ান উচ্চায়ুক্ত হৰিন্দৰ সান্ধুৱে । দ্বিপাক্ষিক আৰু বহুপাক্ষিক অনুশীলন আৰু আলোচনাৰ লগতে বিভিন্ন সামৰিক কাৰ্যকলাপৰ সংখ্যা ২০১৪ চনৰ ১১ৰ পৰা বিগত বৰ্ষত ৩৯লৈকে বৃদ্ধি পোৱাৰ বিষয়ে তেওঁ প্ৰকাশ কৰে । নতুন দিল্লীত চাৰি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি কানবেৰাৰ মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়লৈ যাবলৈ অগ্ৰসৰ হোৱা উচ্চায়ুক্তগৰাকীয়ে আগন্তুক কেইটামান মাহৰ ভিতৰতে দুয়োখন দেশৰে সামৰিক শক্তিৰ মাজত সৰবৰাহৰ পাৰস্পৰিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ’ব বুলি আশা প্ৰকাশ কৰে । “এছিয়াত অষ্ট্ৰেলিয়া আৰু ভাৰতবৰ্ষ ঘনিষ্ঠ বন্ধু হ’ব নোৱৰাৰ কোনো কাৰণ থাকিব নোৱাৰে । প্ৰকৃততে ইয়াৰ বাবে কোনোধৰণৰ প্ৰতিবন্ধকতা নাই । যিবোৰ বিষয়ত আমাৰ সমস্যা বা প্ৰত্যাহ্বান আছে সেইবোৰ সমাধান কৰাটো অসম্ভৱ নহয় । আমাৰ অনুৰূপ দৃষ্টিভংগী আছে ।

ইণ্ডো-পেছিফিক অঞ্চলত যিহেতু আমি বন্ধুত্ব স্থাপন কৰিবলৈ আগবাঢ়িছো ভাৰতে অষ্ট্ৰেলিয়াতকৈ ভাল বন্ধু নাপাব বুলি অনুভৱ কৰাৰ লগতে আমিও ভাৰতক ঘনিষ্ঠ বন্ধু হিচাপে গ্ৰহণ কৰিছোঁ ।” বৈদেশিক নীতি বিষয়ক সংবাদ মাধ্যমৰ নিৰ্দিষ্ট কিছুসংখ্যক মহিলা সম্পাদকৰ সৈতে বাৰ্তালাপ কৰি সান্ধুৱে এনেদৰে কয় । “এই বুজাবুজিবোৰৰ ক্ষেত্ৰত আমি অগ্ৰগতি লাভ কৰিছোঁ আৰু এই বৰ্ষতে এয়া ফলৱৰ্তী হ’ব বুলি মই আশাবাদী।” সৰবৰাহৰ চুক্তি সম্পৰ্কত কৰা প্ৰশ্নৰ উত্তৰত সান্ধুৱে এনেদৰে কয় । আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু ছিংগাপুৰৰ সৈতে ভাৰতবৰ্ষৰ অনুৰূপ চুক্তি আছে । বিগত নৱেম্বৰ মাহত বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ ২+২ আলোচনাত জাপানৰ সৈতে ‘Acquisition and Cross-Servicing Agreement (ACSA)’য়ে প্ৰায় অগ্ৰগতি লাভ কৰিছিল । এই চুক্তি জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতে সম্পন্ন হোৱাৰ পাছতে ভাৰতৰ নৌ সেনাই মানবীয় সহায় আৰু দুৰ্যোগ প্ৰশমন আদি ক্ষেত্ৰত অধিক তৎপৰতাৰে কাম কৰিবলৈ সক্ষম হ’ব । অষ্ট্ৰেলিয়াত সংঘটিত বিধ্বংসী বনজুইৰ বাবে ৰাইছিনা আলোচনা কালত দিল্লী ভ্ৰমণ বাতিল কৰিবলগীয়া হোৱা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন অহা জুলাই মাহত ভাৰতলৈ আহিলে সম্ভৱতঃ আনুষ্ঠানিক ঘোষণা হ’ব পাৰে ।

ইণ্ডো-পেছিফিক মানে চীনৰ বিৰুদ্ধাচৰণ কৰা নহয় ৷ ৰাষ্ট্ৰদূতগৰাকীয়ে অষ্ট্ৰেলিয়াৰ ইণ্ডো-পেছিফিক নীতি যে মূলত আছিয়ানকেন্দ্ৰিক সেই কথাত গুৰুত্ব প্ৰদান কৰিছে । শক্তিশালী গণতন্ত্ৰৰ সৈতে কাম কৰা, বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰা আৰু আমেৰিকাৰ সৈতে মিত্ৰতা স্থাপনত প্ৰাধান্য দিয়াটোৱে চীনৰ সৈতে এক গঠনমূলক সম্পৰ্ক স্থাপনৰ লক্ষ্যকহে সূচায়, ইয়াক ঠাণ্ডা কৰা বা বিৰুদ্ধাচাৰণ কৰা নহয় । “আমি এনে এক ইণ্ডো-পেছিফিক অঞ্চল বিচাৰোঁ য’ত দেশসমূহ মুক্ত, সাৰ্বভৌম, স্বাধীন আৰু য’ত দেশসমূহে নিজৰ ইচ্ছা অনুযায়ী স্বাধীনতা ব্যৱহাৰ কৰিব পাৰে। এই সকলোবোৰ দিশতে ভাৰতৰ যে কিবা বিদ্বেষ আছে সেয়া মই নাভাবো ।” ইণ্ডো-পেছিফিকক এক উমৈহতীয়া উদ্দেশ্য বুলি কৈ সান্ধুৱে এনেদৰে মন্তব্য কৰে । চীনক নিয়ন্ত্ৰণ কৰিবলৈহে আমেৰিকাৰ প্ৰৰোচনাত ইণ্ডো-পেছিফিক প্ৰচেষ্টা লোৱা হৈছে বুলি ৰাছিয়াৰ বিদেশ মন্ত্ৰী লাভ্ৰভে কৰা মন্তব্য সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “এয়া কোনো এখন দেশে আধিপত্য বিস্তাৰ কৰা ধাৰণা নহয়, কাৰোবাক সোমোৱা বা বাহিৰ কৰাৰো এয়া ধাৰণা নহয় । এয়া মাথো আমি বাস কৰা বা আমি পাবলগীয়া এক কৌশলপূৰ্ণ পৰিৱেশ তৈয়াৰৰ চেষ্টাহে । যিকোনো ভৌগলিক ধাৰণাত, চীন ইণ্ডো-পেছিফিকৰে অংশ ।”

আনহাতে আমেৰিকা আৰু জাপানৰ সৈতে ভাৰতে আয়োজন কৰা নৌ সেনাৰ যৌথ অনুশীলনত কানবেৰাক দিয়া নিমন্ত্ৰণকলৈ তেওঁ কয়, “যদি মালাবাৰ অনুশীলনলৈ ভাৰতে আমন্ত্ৰণ জনায় অষ্ট্ৰেলিয়াই নিশ্চয় এই নিমন্ত্ৰণ গ্ৰহণ কৰিব ।” “পাকিস্তানে এতিয়াও এফ এ টি এফ মানিবলৈ বাকী” আনহাতে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় মানি লণ্ডাৰিং আৰু সন্ত্ৰাসাবাদীক ধন যোগানৰ বিৰুদ্ধএ থকা সংস্থা ফাইনেন্সিয়েল এক্সন টাস্ক ফৰ্চ বা এফ এ টি এফে পাকিস্তানক ব্লেকলিষ্টেড কৰাৰ সলনি বৰ্তমানৰ গ্ৰে’ লিষ্টৰ পৰা বিহৰ কৰা সন্দৰ্ভতো উচ্চায়ুক্তগৰাকীয়ে মত প্ৰকাশ কৰে
। এয়া এক কাৰিকৰী মূল্যায়ন হ’ব বুলি তেওঁ কয় । কিন্তু তেওঁ উল্লেখ কৰে যে বৰ্তমান সময়ৰ বাবে অষ্ট্ৰেলিয়াই পাকিস্তানক গ্ৰে’ লিষ্টত ৰখাটোৱেই সমৰ্থন কৰে । কিয়নো পূৰ্বৰ সভাত নিৰ্ধাৰণ কৰা চৰ্তসমূহ দেশখনে পালন কৰা নাই ।“প্ৰতিখন এফ এ টি এফৰ বৈঠকতে অষ্ট্ৰেলিয়াই অতি কাৰিকৰী দৃষ্টিভংগী গ্ৰহণ কৰিছে । আমি যি লাভ কৰাৰ বাবে চেষ্টা চলাই আছোঁ সেয়া মূল্যান কৰা এয়াই আতাইতকৈ বস্তুনিষ্ঠ উপায়। আমি সঁচাকৈয়ে এটা ভাল ফলাফল বিচাৰোঁ । যাৰ অৰ্থ এয়ে যে পাকিস্তানৰ ওপৰত নিৰ্ধাৰণ কৰি দিয়া প্ৰয়োজনসমূহ যাতে ই পালন কৰে গতিকে পাকিস্তানে কিমান দূৰ আগবাঢ়িঠে তাক বস্তুনিষ্ঠভাৱে মূল্যান কৰিবলৈ আমি এই বিষয়টোৰ প্ৰতি এক কাৰিকৰী দৃষ্টিভংগী গ্ৰহণ কৰিছোঁ ।” তেওঁ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । গুৰুত্বপূৰ্ণ এফ এ টি এফ পৰিকল্পনা আৰু যুটীয়া কাৰ্যনিৰ্বাহক গোটসমূহৰ অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈকে পেৰিছত অনুষ্ঠিত হ’বলগীয়া সভাত পাকিস্তানক গ্ৰে’ লিষ্টত ৰখা হ’বনে ইয়াৰ পৰা বিহিৰ কৰা হ’ব এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । এফ এ টি এফৰ স্বীকৃতিপ্ৰাপ্ত নটা গোটৰ ভিতৰত এছিয়া পেছিফিক গোট বা অষ্ট্ৰেলিয়া শাখাই এবছৰ পূৰ্বে ইয়াৰ কেনবেৰাৰ বৈঠকত পাকিস্তানক বৰ্দ্ধিত ক’লা তালিকাত অন্তৰ্ভুক্ত কৰিছিল । “আমি আমাৰ স্থিতিক সমৰ্থন কৰি আহিছোঁ কাৰণ কাৰিকৰী ভিত্তিক আমাৰ মূল্যায়নে এই কথাকে প্ৰতীয়মান কৰিছে । যদি পাকিস্তানে ইয়াৰ প্ৰদৰ্শন উন্নত কৰিলেহেঁতেন তেতিয়া আমি আমাৰ সিদ্ধান্ত যে বেলেগকৈ
নল’লোঁহেঁতেন তেনে নহয় । কিন্তু এই পৰ্যায়ত আমি গ্ৰে’ লিষ্টতে ৰাখিব লাগিব ।” সান্ধুৱে এনেদৰে প্ৰকাশ কৰে । “ভাৰতে আৰ চি ই পিত পুনৰ যোগদানৰ কথা ভাবিব লাগে” ৰিজিঅ’নেল কম্প্ৰিহেন্সিভ ইকন’মিক পাৰ্টনাৰশ্বিপত ভাৰতে পুনৰ যোগদান কৰাৰ পক্ষে মন্তব্য কৰি অষ্ট্ৰেলিয়ান উচ্চায়ুক্তগৰাকীয়ে এয়া নতুন দিল্লী আৰু অঞ্চলটোৰ স্বাৰ্থত হ’ব লাগে বুলি কয় ।

“আৰ চি ই পিৰ মেজলৈ ভাৰতে প্ৰত্যাৱৰ্তন কৰিব বুলি আমাৰ আশা আছে । ভাৰতে যিবোৰ বিষয়কলৈ সচেতন আছিল সেইবোৰ বিষয়কলৈ বুজাবুজি কৰিব পৰা যাব বুলি আমি বিশ্বাস কৰোঁ । যদি ভাৰতে আৰ চি ই পিত পুনৰ যোগদান কৰে তেন্তে এয়া অঞ্চলটোৰ লগতে ভাৰতৰ বাবে ভাল হ’ব । ইয়াৰ ফলত আন আছিয়ান দেশসমূহৰ সৈতে ভাৰতবৰ্ষৰ অৰ্থনৈতিক সুদৃঢ়তা আৰু ৰাজনৈতিক সম্পৰ্ক গভীৰ হ’ব ।” তেওঁ এনেদৰে মত প্ৰকাশ কৰে । “যদি ভাৰত আৰ চি ই পিত থাকে তেন্তে আৰ চি ই পি বা আন কোনো অৰ্থনৈতিক সহযোগিতাৰ পৰা ভাৰতক বাদ দিয়াৰ কোনো শংকা নাথাকিব । আৰ চি ই পি গোটত ভাৰত ভাল আৰু গঠনমূলক অংশীদাৰ হ’ব বুলি আমি ভাবোঁ । যেতিয়াই ভাৰতে আৰ চি ই পিত যোগদান কৰিম বুলি ভাবে তেতিয়াই আমি দেশখনক আদৰিবলৈ আগ্ৰহী হৈ আছোঁ।” এই মন্তব্য অষ্ট্ৰিয়ালৰ উচ্চায়ুক্ত সান্ধুৰ । মুক্ত বাণিজ্য নীতিয়ে ভাৰতৰ অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিব বুলিও তেওঁ দাবী কৰে । এই সন্দৰ্ভত তেওঁ কৈছে—বাণিজ্যৰ মুক্ততা আৰু গুণাগুণ, বাণিজ্যৰ পৰিসীমা আৰু গভীৰতাই ভাৰতৰ বিকাশক প্ৰভাৱিত কৰিব । জদেশৰ ভিতৰতে কৰিব পৰা কামবোৰৰ সীমাবদ্ধতা আছে । যেতিয়া ভাৰতে শক্তিশালী উৎপাদন ক্ষেত্ৰ গঢ়িব বিচাৰে তেতিয়া ইয়াক আমদানিৰ প্ৰয়োজন হ’ব । এই আমদানিৰ মান উন্নত, কম খৰচী আৰু বিশ্বাসযোগ্য হ’ব লাগিব । প্ৰয়োজনীয় সকলোবোৰ বস্তু সকলো সময়তে দেশৰ ভিতৰতে পোৱা নাযায় । তাৰ বাবে নিশ্চিতভাৱে আমদানি কৰিব লাগিব । নিজৰ দেশৰ যিমানেই জনসংখ্যা নাথাকক কেৱল এই জনসংখ্যাকে বজাৰ বুলি ভৰসা কৰিব নোৱাৰি । তাৰ বাবে বিশ্বৰ বজাৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰাকৈ নিজৰ সামগ্ৰীসমূহ উচ্চমানৰ আৰু উপযুক্ত মূল্যৰ কৰি ৰপ্তানি কৰিব পাৰিব লাগিব । উচ্চায়ুক্তগৰাকীৰ পিতৃ-মাতৃয়ে দেশ বিভাজনৰ পাছত ভাৰতবৰ্ষৰ পৰা অষ্ট্ৰেলিয়ালৈ গৈছিল । কাশ্মীৰ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদৰ ফলত সৃষ্ট পৰিস্থিতি সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকি ভাৰতৰ শক্তি ইয়াৰ গণতন্ত্ৰত থকা বুলি কয় উচ্চায়ুক্ত সান্ধুৱে । “যেতিয়া আমি ইণ্ডো-পেচিফিক নীতিৰ কথা কওঁ তেতিয়া আমি অ়্চলটোৰ শক্তিশালী গণতন্ত্ৰসমূহৰ সৈতে কাম কৰিব বিচাৰোঁ । ভাৰতৰ এক অন্যতম শক্তি হৈছে ইয়াৰ গণতান্ত্ৰিক পৰম্পৰা । এই পৰম্পৰাৰ ভিত্তিতে আমি ভাৰতৰ সৈতে কাম কৰিব বিচাৰোঁ ।” সান্ধুৱে এনেদৰে কয় ।

আনহাতে অষ্ট্ৰেলিয়াত ৫ জি নেটৱৰ্ক ডাউন আণ্ডাৰক সামগ্ৰী যোগান দিবলৈ চীনা টেলিকম কোম্পানী হুৱাইক অষ্ট্ৰেলিয়াত নিষিদ্ধ কৰা সন্দৰ্ভত এয়া দেশখনৰ ৰাষ্ট্ৰীয় স্বাৰ্থত কৰা হৈছে বুলি তেওঁ যুক্তি দৰ্শায় । “৫ জি সন্দৰ্ভত কাৰিকৰী সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আমাৰ মূল চৰ্ত আছিল আমাৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা । এই ক্ষেত্ৰত আমি আমাৰ কোনো প্ৰতিষ্ঠানক আন দেশ বা বৈদেশিক শক্তিৰ নিৰ্ভৰশীল হোৱাটো নিবিচাৰোঁ । আমি ভাৰতেও নিজৰ স্বাৰ্থত যি কৰে তাক সন্মান জনাওঁ।” অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্তগৰাকীয়ে এনেদৰে কয় ।

-স্মিতা শৰ্মা, নতুন দিল্লী

লগতে পঢ়ক-শুকুৰবাৰৰ পৰা সংসদৰ বাজেট অধিৱেশন

ABOUT THE AUTHOR

...view details