নিউজ ডেস্কঃ অ'টো মোবাইল ডীলাৰ সংস্থা FADA-ই শুকুৰবাৰে কয় যে, লক ডাউনৰ ফলত ক্ষতি হোৱা এপ্ৰিল মাহৰ কথা পাহৰি লক ডাউন সম্পূৰ্ণ খোলাৰ পাচতহে ব্যৱসায় পুনৰ আৰম্ভ কৰিব । সময়ৰ আগত ব্যৱসায়ৰ আৰম্ভ কৰি সাধাৰণ লোকৰ স্বাস্থ্য বা জীৱনৰ সৈতে কেতিয়াও আপোচ নকৰো বুলি প্ৰকাশ কৰিছে কৰিছে সংস্থাটোৱে।
2020ৰ এপ্ৰিল মাহৰ কথা পাহৰি পৰৱৰ্তী সময়ৰ ব্যৱসায়ৰ কথা ভাবিমঃ FADA - FADA
এপ্ৰিল মাহত বিক্ৰী নহ'ল এখনো গাড়ী । অ'টো মোবাইলৰ ইতিহাসত এয়াই প্ৰথম ।
2020ৰ এপ্ৰিল মাহৰ কথা পাহৰি পৰৱৰ্তী সময়ৰ ব্যৱসায়ৰ কথা ভাবিমঃ FADA
সংস্থাটোৱে প্ৰকাশ কৰে যে, ইতিহাসত এয়াই প্ৰথম য'ত এটা মাহত এখনো গাড়ী বিক্ৰী হোৱা নাই । অ'টো মোবাইল কমিউনিটিৰ বাবে এইটো এক জটিল সময় । 2020 ৰ এপ্ৰিলৰ দৰে সময় যাতে আৰু কেতিয়াও উভতি নাহে তাৰেই কামনা কৰি এই কথা ব্যক্ত কৰে FADA ৰ সভাপতি আশীস হৰ্ষৰাজে ।
লক ডাউন পাচত চাহিদাৰ কি ধৰণৰ পৰিবৰ্তন হয় সেয়া সময়তহে দেখা যাব বুলি প্ৰকাশ কৰে হৰ্ষৰাজে । তেওঁ লগতে কয় চৰকাৰৰ পৰা GST হ্ৰাসৰ জৰিয়তে আৰু ঋণৰ সুদৰ হাৰ হ্ৰাসৰ জৰিয়তে সমৰ্থন লাভ কৰিছে ।