গুৱাহাটীৰ ৰেডিচন ব্লুত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ গুৰুত্বপূৰ্ণ বৈঠক - guwahati
ট্ৰেড এছোচিয়েশ্যন, উদ্যোগপতি আৰু চাৰ্টাৰ্ড একাউণ্টেনৰ সৈতে আলোচনা ৷ টেক্স আৰু জি এছ টি সন্দৰ্ভত এই বৈঠক৷ বৈঠকৰ অন্তত বিত্তমন্ত্ৰীগৰাকীৰ সাংবাদিকক সম্বোধন ৷
গুৱাহাটী,29 আগষ্ট:বৃহস্পতিবাৰে মহানগৰীৰ হোটেল ৰেডিচন ব্লুত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে টেক্স আৰু জি এছ টি সন্দৰ্ভত ট্ৰেড এছোচিয়েশ্যন, উদ্যোগপতি আৰু চাৰ্টাৰ্ড একাউণ্টেত সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়৷ আলোচনাৰ অন্তত বিত্তমন্ত্ৰীগৰাকীয়ে সংবাদমেল যোগে কয় যে, বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ তুলনাত ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে । বিত্তমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে কংগ্ৰেছৰ অৰ্থনীতিক লৈ কথা কোৱাৰ কোনো অধিকাৰ নাই। তেঁও লগতে কংগ্ৰেছৰ দিনত হোৱা কয়লা, ২ জি কেলেংকাৰীৰ আদিৰ বিষয়েও সংবাদমেলত উল্লেখ কৰে । কংগ্ৰেছৰ বাবে এতিয়া আত্মসমালোচনা কৰাৰে সময় বুলি অভিহিত কৰি কংগ্ৰেছৰ সময়ত মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বাধিক আছিল বুলিও সীতাৰমনে মন্তব্য কৰে । বিত্তমন্ত্ৰী গৰাকীক সাংবাদিকে দেশৰ বৰ্তমানৰ অৰ্থনৈতিক অৱস্থা কেতিয়ালৈ পুনৰ সুস্থিৰ হ'ব বুলি কৰা প্ৰশ্নৰ উত্তৰত এই মুহূৰ্তত ইয়াৰ উত্তৰ দিয়াটো সম্ভৱ নহয় বুলি জনায় । বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰ উপস্থিত থকা বৈঠকখনত জি এছ টিৰ বাবে ৰাজ্য চৰকাৰ সমূহে পাবলগীয়া ধন ৩০ দিনৰ ভিতৰত প্ৰদান কৰা হ'ব বুলিও জানিবলৈ দিয়ে ৷