নিউজ ডেস্ক, ৩০ এপ্ৰিলঃএক প্ৰতিবেদনত কোভিড-১৯ মহামাৰী আৰু লকডাউনৰ ফলত হোৱা লোকচান ভৰিবলৈ দেশক প্ৰয়োজন হ'ব ১৫০ বিলিয়ন ডলাৰ (প্ৰায় ১১.২ লাখ কোটি)ৰ । Acuite Rating নামৰ সংস্থাই প্ৰকাশ কৰিছে এই প্ৰতিবেদন ।
বিত্তীয় বৰ্ষ ২০২০-২১ৰ জনমুৰি আয়ৰ ৪.৮ শতাংশ অৰ্থনৈতিক পূঁজি হৈছে বৰ্তমানে চলি থকা লকডাউনৰ বাবে হোৱা লোকচানৰ পৰিমান । লকডাউনৰ সময়ত দেশে প্ৰতিদিনে ৪.৫ বিলিয়ন ডলাৰৰ জনমুৰি আয় হেৰুৱাইছে । চলিত বৰ্ষৰ দ্বিতীয়ভাগৰ বাবে চৰকাৰে এটা বৃহৎ পূঁজি যোগান ধৰিব লাগিব যাৰ দ্বাৰা অৰ্থনীতি পুনৰুদ্ধাৰ কৰিব পৰা যাব ।
বিত্তীয় বৰ্ষ ২১ৰ প্ৰথমাংশত দেশৰ এক দুৰ্বল অৰ্থনৈতিক গাঁথনি আৰু তাৰ সমান্তৰালকৈ মহামাৰীৰ ফলত সৃষ্টি হোৱা লকডাউনৰ সময়ত দেশৰ জনমুৰি আয়, দুয়োটা বিষয়ে বিত্তীয় বৰ্ষ ২১ত ২-৩ শতাংশ নিম্মগামী কৰি তুলিব, যদিহে সময়ত কোনো ব্যৱস্থা অথবা বৃহৎ পূঁজি যোগান ধৰা নহয় ।
লকডাউনৰ ফলত সৃষ্টি হোৱা লোকচানৰ পৰিমান বিত্তীয় বৰ্ষ ২০ৰ জনমুৰি আয়ৰ ৪.৮ শতাংশ আছিল । ইয়াক পুনৰুদ্ধাৰ কৰিবৰ বাবে সংস্থাটোৱে কেন্দ্ৰীয় চৰকাৰক ১১.২ লাখ কোটিৰ এক পেকেজ ঘোষণা কৰিবলৈ আহ্বান জনাইছে । লোকচানৰ ফলত সৃষ্টি হোৱা বোজা ৰিজাৰ্ভ বেংক, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে বহন কৰিব লাগিব বুলিও সংস্থাটোৱে প্ৰকাশ কৰে ।
অধিক গুৰুত্বপূৰ্ণ খণ্ডবোৰৰ ভিতৰত কৰ্পৰেট খণ্ডক ১.২ লাখ কোটি আৰু এমএছএমই খণ্ডক ১.৮ লাখ কোটিৰ কাৰ্যকৰী মুলধন পূঁজি প্ৰদান কৰিব লাগিব । যদিহে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই পদ্ধতিৰে কাম কৰে আৰু ১১.২ লাখ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়, তেতিয়াহ'লে দেশৰ বিকাশৰ হাৰ ২২-২৪ শতাংশৰ পৰা ৪৭ শতাংশলৈ বৃদ্ধি পাব বুলি সংস্থাটোৰ বিষয়া সুমন চৌধুৰীয়ে উল্লেখ কৰে । সংস্থাটোৱে আৰ্থিকভাৱে সৱল ৰাজ্যসমূহক এইক্ষেত্ৰত স্বেচ্ছাই আগবাঢ়ি আহি অতিৰিক্ত ৩ লাখ কোটিৰ অৰিহণা যোগাবলৈ আহ্বান জনাইছে । এইসমূহ ৰাজ্যৰ ভিতৰত ছখন ৰাজ্য আছে, কৰ্নাটক, গুজৰাট, তামিলনাডু, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু তেলেংগানা ।