বিজনেচ ডেস্ক, 13 জন: বিগত বছৰৰ তুলনাত অসম মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পালে 5.02% ৷ যি সময়ত অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক সেই সময়ত সাধাৰণ নিৰ্বাচন চলি থকাৰ সময়তে মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পোৱাটো এক উদ্বেগজনক বিষয় হিচাপে পৰিগণিত হৈছে ৷ সমগ্ৰ দেশত মুদ্ৰাস্ফীতিৰ হাৰ 3.05% বৃদ্ধি পোৱাৰ বিপৰীতে অসমত বৃদ্ধি হ'ল 5.02% ৷ অসমৰ গ্ৰামাঞ্চলত এই হাৰ 4.62% হোৱাৰ বিপৰিতে সৰ্বভাৰতীয় হাৰ হৈছে 1.86% আৰু নগৰ অঞ্চলত এই হাৰ হৈছে 6.48% আৰু সৰ্বভাৰতীয় হাৰ হৈছে 4.51% ৷
অসমত উদ্বেগজনকভাৱে মুদ্ৰাস্ফীতি - মুদ্ৰাস্ফিতি
যি সময়ত অত্যাবশ্যকিয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক সেই সময়ত সাধাৰণ নিৰ্বাচন চলি থকাৰ সময়তে মুদ্ৰাস্ফিতিৰ হাৰ বৃদ্ধি পোৱাটো এক উদ্বেগজনক বিষয় ৷ সমগ্ৰ দেশত মুদ্ৰাস্ফিতিৰ হাৰ 3.05% বৃদ্ধি পোৱাৰ বিপৰিতে অসমত বৃদ্ধি হ'ল 5.02% ৷
মে' মাহত মুদ্ৰাস্ফিতিৰ হাৰ 3.05% বৃদ্ধি,অসমত বৃদ্ধি হ'ল 5.02%
লগতে পঢ়ক: উৰণৰ বাবে সাজু জ’মেটৰ ফুড ডেলিভাৰী দ্ৰোণ
উল্লেখযুগ্য যে বিগত মে' মাহত মুদ্ৰাস্ফীতিৰ হাৰ পূৰ্বৰ সাত মাহৰ তুলনাত সৰ্বাধিক বৃদ্ধি পাইছে ৷ চৰকাৰী তথ্য মতে ইয়াৰ প্ৰধান কাৰণ হিচাপে পৰিগণিত হৈছে খাদ্য সামগ্ৰীৰ সৰ্বাধিক মূল্য ৷ কনচিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ অনুসৰি 2018 বৰ্ষৰ মে' মাহত মুদ্ৰাস্ফিতিৰ হাৰ সৰ্বাধিক বৃদ্ধি হৈছিল 4.87% ৷