শনিবাৰৰ পৰা নীতি আয়োগৰ পঞ্চমখন অধিবেশন আৰম্ভ - নৰেন্দ্ৰ মোদী
এই অধিবেশনত খৰাং, কৃষি খণ্ডৰ ক্ষয় ক্ষতি, বৰষুণৰ পানী সংৰক্ষণ, খাৰিফ শস্য বাবে প্ৰস্তুতি আদি বিষয়ক প্ৰধান্য দিয়া হ’ব ৷
শনিবাৰৰ পৰা নীতি আয়োগৰ পঞ্চমখন অধিবেশন অৰম্ভ
নতুন দিল্লী, 15 জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৈঠক আৰম্ভ ৷ 2019 চনৰ বাজেট অধিবেশনৰ প্ৰাক মুহুৰ্তত প্ৰধানমন্ত্ৰীৰ এই অধিবেশন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নীতি আয়োগৰ পঞ্চমখন অধিৱেশন শনিবাৰৰ পৰা ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে ৷ এই অধিৱেশনত খৰাং, কৃষি খণ্ডৰ ক্ষয় ক্ষতি, বৰষুণৰ পানী সংৰক্ষণ, ৰবি-খাৰিফ শস্য বাবে প্ৰস্তুতি আদি বিষয়ক প্ৰধান্য দিয়া হ’ব ৷ ইয়াৰ উপৰিও এই অধিৱেশনখনত মাওবাদী অধ্যুষিত অঞ্চলসমূহৰ নিৰাপত্তা ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব ৷
Last Updated : Jun 15, 2019, 5:46 PM IST