নিউজ ডেস্ক, 20 চেপ্তেম্বৰঃ শুকুৰবাৰে গোৱাৰ ৰাজধানী পানাজিত অনুষ্ঠিত হয় 37 সংখ্যক জি এছ টি কাউঞ্চিলৰ বৈঠক ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কি কি বিশেষ আছিল বৈঠকখনত -
1. প্ৰতিষ্ঠান সমূহৰ আয়কৰ প্ৰায় 10 শতাংশ নিম্নগামী কৰা হয় ৷ পূৰ্বতে থকা 25.17 শতাংশৰ বিপৰীতে নতুন নীতি অনুসৰি 17.01 শতাংশ কৰা হয় ৷ নতুন নিৰ্মাণকাৰী 6 বছৰ তলৰ প্ৰতিষ্ঠানসমূহৰ বাবে আয়কৰ 17.01 প্ৰস্তুাৱ দিয়া হয় ৷ সংস্থাপনৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যে আয়কৰ নীতিত সংশোধনীৰ জৰিয়তে এই প্ৰস্তুাৱ গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ৷
2. উন্নয়ন আৰু বিনিয়োগত অগ্ৰগতি প্ৰদানৰ উদ্দেশ্যে আয়কৰ আইনত এটি নতুন অধিনিয়ম সংযোজন কৰা হ'ব ৷ 2020 বিত্তীয় বৰ্ষৰ পৰা প্ৰযোজ্য হ'ব এই অধিনিয়ম ৷ এই অধিনিয়ম অনুসৰি দেশীয় প্ৰতিষ্ঠান সমূহে 22 শতাংশ হাৰত প্ৰদান কৰাৰ বিকল্প থাকিব আয়কৰ বিভাগক ৷ য'ত তেওঁলোকে কোনো ৰেহাই বা উদ্গনিমূলক সাহায্য আহৰণ নকৰিব ৷