অসম

assam

ETV Bharat / business

লক ডাউনে ব্যৱসায়,চৰকাৰ,ঋণদাতা সকলোৰে অৰ্থনৈতিক অৱস্থা শোচনীয় কৰিছেঃ গাৰ্গ - অৰ্থনৈতিক ক্ষেত্ৰ

বিত্তীয় পৰিক্ৰমা দপ্তৰৰ প্ৰাক্তন সচিব সুবাস চন্দ্ৰই কয় যে,অৰ্থনৈতিক লক ডাউনে বহুতো অনা-আৱশ্যকীয় সামগ্ৰী বা সেৱা উদ্যোগক সংকটলৈ থেলি দিছে ।

লক ডাউনে ব্যৱসায়
লক ডাউনে ব্যৱসায়

By

Published : Apr 23, 2020, 8:12 PM IST

নিউজ ডেস্ক, 23 এপ্ৰিলঃকৰ'ণা ভাইৰাছৰ ফলত দেশত জাৰি কৰা লক ডাউনে অৰ্থনৈতিক ক্ষেত্ৰ খনৰ বিস্তৰ ক্ষতি কৰিলে । বিশেষকৈ ব্যৱসায়,চৰকাৰ আৰু ঋণদাতা সকলৰ অৰ্থনৈতিক ক্ষেত্ৰখন তচনচ কৰি দিলে । এই মন্তব্য ভাৰতৰ বিত্তীয় পৰিক্ৰমা দপ্তৰৰ প্ৰাক্তন সচিব সুভাস চন্দ্ৰ গাৰ্গৰ।

নিজৰ ব্লগত গাৰ্গে এই কথা প্ৰকাশ কৰাৰ লগতে কয় যে, COVID-19ৰ পূৰ্বৰে পৰাই ক্ৰেডিট ব্যৱসায়ৰ 15 শতাংশ অৰ্থাৎ 15 লাখ কোটি টকা "নন-পাৰ্ফমিং"ব্যৱসায় হিচাপে ৰৈ গৈছিল। সেয়েহে ইয়াৰ ফলত লক ডাউনৰ সময়চোৱাত "নন-পাৰ্ফমিং"ব্যৱসায়ৰ ঋণ 30 লাখ কোটিলৈ বৃদ্ধি পালে ।

আনহাতে লক ডাউনৰ পাচত অৰ্থনীতি স্বাভাবিক কৰিবলৈ ব্যৱসায়ত অধিক বিনিয়োগ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে । চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণৰ ব্যৱস্থা কৰিব লাগে বুলি লগতে তেওঁ কয় ।

গাৰ্গৰ মতে,ভাৰতত চৰকাৰৰ,ব্যৱসায়ৰ আৰু পৰিয়ালৰ সৰ্বমুঠ অনাদায় ঋণৰ পৰিমাণ 300 লাখ কোটি অৰ্থাৎ ৪ ত্ৰিলিয়ন আমেৰিকান ডলাৰ।

লগতে পঢ়কঃ কোভিড-১৯ আক্ৰান্ত মহিলাই জন্ম দিলে সুস্থ সন্তান

ABOUT THE AUTHOR

...view details