অসম

assam

By

Published : Jul 27, 2019, 4:00 PM IST

Updated : Jul 27, 2019, 5:09 PM IST

ETV Bharat / business

ড'নাৰ মন্ত্ৰণালয়ৰ অধীনৰ কামৰ পৰ্যালোচনা কৰিলে জিতেন্দ্ৰ সিঙে

ড'নাৰ মন্ত্ৰণালয়ৰ অধীনত বিভিন্ন প্ৰকল্পৰ সঠিক ৰূপায়নৰ পৰ্যালোচনা কৰিলে ড. জিতেন্দ্ৰ সিঙে ৷ এই বৈঠকতে বহুকেইটা চলি থকা আৰু ভৱিষ্যতে আৰম্ভ কৰিবলগা প্ৰকল্প সন্দৰ্ভত বিভিন্ন তথ্য প্ৰদান কৰা হয় ৷

ড'নাৰ মন্ত্ৰণালয়ৰ অধীনৰ কামৰ পৰ্যালোচনা কৰিলে জিতেন্দ্ৰ সিঙে

বিজনেচ ডেস্ক, 27 জুলাই : ৰাজ্যিক মন্ত্ৰী (ড'নাৰ মন্ত্ৰণালয়) ড. জিতেন্দ্ৰ সিঙে ড'নাৰ মন্ত্ৰণালয়, নৰ্থ ইষ্টাৰ্ন কাউন্সিল, ড'নাৰ মন্ত্ৰণালয়ৰ অন্য সংস্থাবোৰৰ জ্যেষ্ঠ বিষয়া সকলৰ সৈতে ড'নাৰ মন্ত্ৰণালয়ৰ আঁচনিৰ পৰ্যালোচনা সন্দৰ্ভত এক বৈঠকত মিলিত হয় ৷ ড'নাৰ মন্ত্ৰণালয়ৰ সচিব ড. ইন্দৰ জিত সিং, নৰ্থ ইষ্টাৰ্ন কাউন্সিলৰ সচিব শ্ৰী ৰাম মুইভা, শ্ৰী প্ৰকাশ প্ৰসাদ, ড. শৈলেন্দ্ৰ চৌধুৰী আৰু বহু কেইজন উচ্চপদস্থ বিষয়া এই বৈঠকত মিলিত হয় ৷ এই বৈঠকতে ড'নাৰ মন্ত্ৰী গৰাকীয়ে উত্তৰ - পূৰ্বাঞ্চলৰ বিভিন্ন আঁচনিৰ বৰ্তমানৰ স্থিতি, প্ৰকল্পৰ অনুমোদন, ৰাহি ধন আদি সন্দৰ্ভত বিতং আলোচনাত মিলিত হয় ৷ তাৰোপৰি, ড'নাৰ মন্ত্ৰণালয়ে 100 দিনৰ বাবে গ্ৰহণ কৰিবলগা কামৰ খতিয়ান সম্পৰ্কতো বিৱৰণ দাঙি ধৰে ৷

ইন্দৰ জিত সিঙৰ 100 দিনৰ বাবে চৰকাৰে গ্ৰহণ কৰিবলগা কামৰ খতিয়ান -
1. 200 টাকৈ প্ৰকল্পৰ বাবে 3000 কোটি টকাৰ অনুমোদন, আৰম্ভণি, সম্পূৰ্ণ কৰা অৰ্থাৎ 2 টাকৈ প্ৰকল্পৰ বাবে এদিনত 30 কোটি টকাকৈ খৰচ ৷
2. অসমৰ ডিমা হাচাও জিলাৰ মান্দাৰদিছাত 75 হেক্টৰ মাটিত প্ৰায় 50 কোটি টকা ব্যয়েৰে 'বেম্ব' ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক' নিৰ্মাণ ৷

বেম্ব' ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক

ইয়াৰোপৰি, কৰ্মৰ খতিয়ান সন্দৰ্ভত ড. জিতেন্দ্ৰ সিঙক তথ্য প্ৰদান কৰি সচিব ড. ইন্দৰ জিত সিঙে মন্তব্য কৰে যে, মন্ত্ৰণালয়ে এই পৰ্যন্ত 49 টাকৈ প্ৰকল্পত 1231.94 কোটি টকা বিনিয়োগ কৰিছে ৷ NERSDS আৰু NESIDS আঁচনিৰ অধীনত 8 টাকৈ নতুন প্ৰকল্পৰ বাবে 586.3 কোটি টকা বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ NLCPR, NEC আঁচনিৰ অধীনত চলি থকা 36 টাকৈ নতুন প্ৰকল্পৰ কাম 529.18 কোটি টকাত সম্পূৰ্ণ কৰা হ'ব ৷ 89.63 কোটি টকা মূল্যত দুটাকৈ প্ৰকল্পৰ কাম আৰম্ভ হৈছে আৰু 26.83 কোটি টকাত 3 টাকৈ প্ৰকল্প সঞ্চালনৰ কাম চলি আছে ৷

ডিমা হাচাওৰ 'বেম্ব' ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক' সন্দৰ্ভত তথ্য প্ৰদান কৰি কয় যে, চলিত মাহৰ আগষ্টত এই প্ৰকল্পৰ বাবে টকাৰ অনুমোদন জনোৱা হ'ব আৰু 2021 চনৰ মাৰ্চ মাহত ইয়াৰ কাম সম্পূৰ্ণ কৰাৰ চেষ্টা চলোৱা হ'ব ৷ ইয়াৰোপৰি, NEC ৰ অধীনত অৰুণাচল প্ৰদেশৰ ইটানগৰত আন এখন বেম্ব' পাৰ্কৰ কথা ঘোষণা কৰা হয় ৷

JNU ত উত্তৰ - পূৰ্বাঞ্চলৰ ছাত্ৰ - ছাত্ৰীৰ বাবে হোষ্টেল নিৰ্মাণ আৰু অন্য বহুকেইটা প্ৰকল্পৰ কামৰ প্ৰগতি সম্পৰ্কত সকলো তথ্য সংগ্ৰহৰ বাবে বিষয়া সকলক দায়িত্ব অৰ্পন কৰে ড'নাৰ মন্ত্ৰী ড. জিতেন্দ্ৰ সিঙে ৷

Last Updated : Jul 27, 2019, 5:09 PM IST

ABOUT THE AUTHOR

...view details