অসম

assam

ETV Bharat / business

ভাৰতৰ উদ্যোগ খণ্ডক প্ৰয়োজন 9-10 লাখ কোটি টকাৰ পেকেজ : FICCI - ঘৰুৱা উৎপাদন হাৰ (GDP)

ভাৰতৰ উদ্যোগলৈ 9-10 লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰা উচিত ৷ FICCI ৰ অধীনৰ এক জৰীপত প্ৰকাশ পাইছে এই তথ্য ৷

FICCI ৰ অধীনৰ এক জৰীপ
ভাৰতৰ উদ্যোগক প্ৰয়োজন 9-10 লাখ কোটি টকাৰ পেকেজ

By

Published : Apr 8, 2020, 7:45 PM IST

বিজনেছ ডেস্ক, 8 এপ্ৰিল : দেশৰ ঘৰুৱা উৎপাদন হাৰ (GDP) 4-5 শতাংশ বৃদ্ধিৰ বাবে দেশৰ উদ্যোগসমূহক তাৎক্ষণিকভাৱে প্ৰয়োজন 9-10 লাখ কোটি টকাৰ পেকেজ ৷ কৰ'ণা ভাইৰাছৰ ফলত ভাৰতীয় অৰ্থনীতি যি হাৰত ক্ষতিগ্ৰস্ত হৈছে তাৰ পৰা ৰক্ষা পাবৰ বাবে এনে পেকেজ অতি গুৰুত্বপূৰ্ণ বুলি FICCI ৰ অধীনৰ এক জৰীপে জানিবলৈ দিয়ে ৷

তথ্য় অনুসৰি, অন্য দেশসমূহেও এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷

এই জৰীপে লগতে কয়, "ভাৰতীয় অৰ্থনীতিৰ লগতে উদ্যোগ আৰু ব্যৱসায়ৰ সৈতে জড়িত বিভিন্ন শ্ৰেণীৰ লোকৰ উন্নয়নৰ বাবে সাহাৰ্য আৰু পুনঃসস্থাপন অতি প্ৰয়োজনীয় ৷"

উদ্যোগ বিভাগে লগতে কয় যে, প্ৰায় 2 লাখ কোটি টকাৰ ব্যয়েৰে 'Bharat Self-Sufficiency Fund' পুঁজি গঠন কৰা উচিত ৷ এই পুঁজিৰ ধন বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱন ক্ষেত্ৰত ব্যৱহাৰ কৰি দেশৰ অৰ্থনীতি সুস্থিৰ কৰাৰ লগতে স্ব-নিৰ্ভৰশীল উদ্যোগ গঠন কৰিব পৰা যাব ৷

উল্লেখ্য় যে, শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দুখীয়া আৰু শ্ৰমিক সকলৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্য়াণ যোজনাৰ অধীনত 1.7 লাখ কোটি ঘোষণা কৰাৰ সময়তে এই জৰীপ মুকলি কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details