অসম

assam

ETV Bharat / business

কৰ'ণা ভাইৰাছৰ ফলত জুৰুলা ভাৰতৰ IT খণ্ড - ভাৰতৰ IT উদ্যোগৰ বাবে এয়া এক নজিৰবিহীন ঘটনা

অন্য খণ্ডৰ দৰেই কৰ'ণা ভাইৰাছৰ ফলত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে IT খণ্ড ৷ দেশৰ 1.5 লাখৰো অধিক চাকৰি সংকটত ৷ ভাৰতৰ IT উদ্যোগৰ বাবে এয়া এক নজিৰবিহীন ঘটনা ৷

1.5 লাখৰো অধিক চাকৰি সংকটত
কৰ'ণা ভাইৰাছৰ ফলত জুৰুলা ভাৰতৰ IT খণ্ড

By

Published : May 20, 2020, 4:07 PM IST

বিজনেছ ডেস্ক, 20 মে': দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কৰ'ণা ভাইৰাছ মহামাৰীয়ে ভয়াবহভাৱে সংকটৰ গৰাহলৈ ঠেলি দিছে তথ্য আৰু প্ৰযুক্তিবিদ্যা উদ্যোগক (IT industry) ৷ লকডাউনৰ ফলত সামগ্ৰী আৰু সেৱা মাধ্যমসমূহ বাধাগ্ৰস্ত হৈছে ৷

দেশৰ 1.5 লাখৰো অধিক চাকৰি সংকটত আছে ৷ এয়া ভাৰতৰ IT উদ্যোগৰ বাবে এক নজিৰবিহীন ঘটনা ৷ অৰ্থনৈতিক সংকটৰ বাবে উদ্যোগটোৱে নানান সমস্যাৰ সন্মুখীন হ'বলগা হৈছে ৷ এই বৃহৎ প্ৰত্যাহ্বানৰ সময়ত উদ্যোগটোয়ে বিপদৰ পৰা মুক্ত হ'বৰ বাবে চেষ্টা চলাইছে ৷

IT হৈছে এক জ্ঞান-ভিত্তিক উদ্যোগ, ই মানুহৰ জীৱনত গুৰুতৰ প্ৰভাৱ বিস্তাৰ কৰে ৷ ইয়াৰ জৰিয়তে ষ্টাৰ্টআপ খণ্ডৰো উন্নয়ন সাধন হোৱাৰ লগতে খৰতকীয়া, সহজ, স্বচ্ছ সেৱা লাভ কৰা হয় ৷ আধুনিক শাসন প্ৰক্ৰিয়া আৰু ডিজিটেল বিশ্বৰ যুগত ইয়াৰ অৱদান অসীম ৷ ভাৰতে IT খণ্ডত যোৱা 5 টা দশকত এক মজবুত স্থিতিত উপনীত হ'বলৈ সক্ষম হৈছিল ৷

সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ 7.7 শতাংশ IT খণ্ডৰ পৰা আহে ৷ ভাৰতে বিশ্বৰ IT সেৱাত 55 শতাংশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷ বিশ্বৰ প্ৰায় 80 খন দেশত ভাৰতৰ 200 ৰো অধিক IT ফাৰ্মে সেৱা প্ৰদান কৰি আছে ৷

আনহাতে, ভাৰতে বিশ্বৰ ডিজিটেল সেৱাৰ প্ৰায় 75 শতাংশ সেৱা প্ৰদান কৰে ৷ 2018-19 বৰ্ষত ভাৰতৰ IT আৰু ITeS কোম্পানীৰ মূল্য 181 বিলিয়ন আমেৰিকান ডলাৰ হ'ব ৷ ইয়াৰ ভিতৰত আছে 137 বিলিয়ন আমেৰিকান ডলাৰৰ ৰপ্তানী ৷ ভাৰতীয় IT উদ্যোগে লাহে লাহে শ্ৰীবৃদ্ধি লাভ কৰাৰ লগতে বৈদেশিক বিনিয়োগকাৰীকো আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ 2000 চনৰ পৰা 2019 চনৰ ভিতৰত হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ খণ্ডত বিদেশী বিনিয়োগকাৰীয়ে 43 বিলিয়ন আমেৰিকান ডলাৰৰ বিনিয়োগ কৰিছে ৷

নিযুক্তি প্ৰক্ৰিয়াতো উদ্যোগটোৱে শ্ৰীবৃদ্ধি লাভ কৰিছে ৷ ঘৰুৱা ক্ষেত্ৰত ভাৰতীয় IT য়ে প্ৰায় 46 লাখ লোকক নিযুক্তি প্ৰদান কৰিছে ৷ আনহাতে, বিদেশত অতিৰিক্ত 20 লাখ লোকে সংস্থাপন লাভ কৰিছে ৷ যোৱা দুটা দশকত IT খণ্ডই নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ অধিক সংখ্যক লোকে IT খণ্ডত সংস্থাপন লাভৰ প্ৰয়াস কৰে যিহেতু ইয়াত অগ্ৰগতি লাভ কৰিবলৈ বহু সুযোগ লাভ কৰাৰ লগতে উপাৰ্জনো অধিক হয় ৷

ইয়াৰ পাচতো IT খণ্ডই বহু লোকচানৰ সন্মুখীন হ'বলগা হৈছিল ৷ অৰ্থ সংকট, খৰছ নিয়ন্ত্ৰণত সমস্যাৰ সৃষ্টি, robotics আৰু data analytics য়ে IT খণ্ডৰ পতনত ভূমিকা পালন কৰিছে ৷ এই মন্দাৱস্থাৰ বাবে বহু সংখ্যক campus placement আৰু নতুন চাকৰি সৃষ্টি কৰাটো কঠিন হৈ পৰিছে ৷ ইতিমধ্যেই সমস্যাৰ সন্মুখীন হৈ থকা উদ্যোগটোক মহামাৰীয়ে অধিক সমস্যাৰ মাজলৈ ঠেলি দিছে ৷ অধিক সংখ্যক দেশেই লক ডাউন জাৰি কৰাৰ ফলত বিশ্বব্যাপী IT সেৱাসমূহ বন্ধ হৈ পৰিছে ৷ কেৱল ভাৰততে এই সংকটৰ ফলত 1.5 লাখ লোকে চাকৰি হেৰুৱাব লাগিব বুলি জানিবলৈ দিয়া হৈছে ৷

ৰাজহ সংগ্ৰহ নোহোৱাৰ বাবে বহু কোম্পানীয়ে কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি প্ৰদান কৰিছে ৷ কিছু সংখ্যকে দৰমহা কৰ্তন কৰিছে ৷ বহু বৃহৎ কোম্পানীয়ে কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম (work from home) কৰিবলৈ সুবিধা প্ৰদান কৰিছে ৷ প্ৰায় 75 শতাংশ ভাৰতীয় IT সেৱাই আমেৰিকা আৰু ইউৰোপৰ বজাৰ দখল কৰাৰ লক্ষ্য লৈছিল যদিও মহামাৰীৰ বাবে সকলোবোৰ আঁচনি ক্ষতিগ্ৰস্ত হয় ৷ যিহেতু মহামাৰী অতি সোনকালে শেষ হোৱাৰ কোনো নিশ্চিতি নাই সেয়েহে এই খণ্ডটো আৰু ভয়াবহ পৰ্যায়লৈ গতি কৰাৰ সম্ভাৱনা আছে ৷ নতুনকৈ নিযুক্তি লাভ কৰাটো সপোনৰো অগোচৰ ৷ ইয়াৰোপৰি, আগন্তুক প্ৰজেক্ট সমূহ বাতিল অথবা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

IT উদ্যোগৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাই শীৰ্ষ স্থান দখল কৰি আছে ৷ প্ৰতি বছৰে, IT আৰু ইয়াৰে সংলগ্ন পাঠ্যক্ৰম সমূহত নামভৰ্তি কৰা ছাত্ৰৰ সংখ্যা বৃদ্ধি পাইছে ৷ বিশ্বৰ বিভিন্ন স্থানত থকা IT উদ্যোগসমূহৰ সৈতে এই দুই ৰাজ্যৰ অধিক সংখ্যক ছাত্ৰ-ছাত্ৰী জড়িত হৈ আছে ৷

মাইক্ৰছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া হৈছে সত্য নাডেলা ৷ IT খণ্ডত পোনপটীয়াকৈ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ প্ৰায় 6 লাখ লোকে নিযুক্তি লাভ কৰি আছে ৷ এই দুই ৰাজ্যৰ চৰকাৰে digital services আৰু e-governance ত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে ৷ হাইদৰাবাদত গুগল, মাইক্ৰছফ্ট, আইবিএম, অৰেকল, আমাজনৰ বৃহৎ কেম্পাচ আছে ৷ বিজয়ৱাড়া আৰু বিশাখাপট্টনমত IT খণ্ডই বহু উন্নতি সাধন কৰিছে ৷

IT খণ্ডৰ সমস্যাসমূহ হ্ৰাস কৰিবৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পদক্ষেপ লোৱা উচিত ৷ IT বিশেষজ্ঞৰ বিশেষ টাস্কফৰ্চ আৰু আইন প্ৰণয়নকাৰী নিযুক্তি কৰাটো বহু প্ৰয়োজনীয় ৷ কোম্পানীসমূহ বৰ্তী থাকিবৰ বাবে চৰকাৰে সমৰ্থন জনোৱা অতি প্ৰয়োজনীয় ৷ এই সংকটৰ ফলত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে আক্ৰান্ত হোৱা সংস্থাসমূহক কেন্দ্ৰই সমৰ্থন জনোৱা উচিত ৷ MSME সমূহলৈও সহায়-সহযোগিতা প্ৰদান কৰা উচিত ৷ দীৰ্ঘম্যাদী আঁচনিৰ জৰিয়তে সঠিক সংস্কাৰ সাধন কৰিলেহে ভাৰতৰ IT খণ্ডক ৰক্ষা কৰিব পৰা যাব ৷

ABOUT THE AUTHOR

...view details