অসম

assam

ETV Bharat / business

পৰৱৰ্তী বিত্তীয় বৰ্ষত প্ৰায় 8 পৰা 8.5 শতাংশ হাৰত বৃদ্ধি পাব ভাৰতৰ অৰ্থনীতি - International Monetary Fund

সোমবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতামৰণে (Finance Minister Nirmala Sitharaman) সংসদত দাখিল কৰিলে এখন অৰ্থনৈতিক প্ৰতিবেদন ৷ পঢ়ক সবিশেষ...

indias-gdp-to-grow-by-8-to-8-dot-5-per-cent-next-year-economic-survey
পৰৱৰ্তী বিত্তীয় বৰ্ষত প্ৰায় 8 পৰা 8.5 শতাংশ হাৰত বৃদ্ধি পাব ভাৰতৰ অৰ্থনীতি

By

Published : Jan 31, 2022, 6:07 PM IST

বিজনেছ ডেস্ক, 31 জানুৱাৰী: কেন্দ্ৰীয় বাজেট অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে সোমবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতামৰণে (Finance Minister Nirmala Sitharaman) সংসদত দাখিল কৰে এখন অৰ্থনৈতিক প্ৰতিবেদন ৷

এই প্ৰতিবেদনত উল্লেখিত এক অৰ্থনৈতিক সমীক্ষা (Economic Survey) ৰ ভিত্তিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতামৰণে কয় যে, দেশৰ আৰ্থিক উন্নয়নৰ হাৰ পৰৱৰ্তী বিত্তীয় বৰ্ষত প্ৰায় 8 পৰা 8.5 শতাংশ হাৰত বৃদ্ধি পাব ৷ দেশত সম্প্ৰতি মূলধন ব্যয় বৃদ্ধিৰ লগতে ৰপ্তানীৰ পৰিমাণো বৃদ্ধি পাইছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰোপৰি দেশত বিগত বিত্তীয় বৰ্ষত প্ৰায় 7.3 শতাংশ হ্ৰাস হোৱাৰ পিছত চলিত বিত্তীয় বৰ্ষৰ (এপ্ৰিল-মাৰ্চ 2022 সময়ছোৱা) বিকাশৰ হাৰ 9.2 শতাংশ হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্য অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সান্যালে (Principal Economic Advisor Sanjeev Sanyal ) কৰা এই সমীক্ষাত জানিব পৰা গৈছে ৷ দেশৰ অৰ্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ আগন্তুক বৰ্ষত ব্যক্তিগত খণ্ডৰ সৈতে বিনিয়োগ বৃদ্ধিৰ বাবে দেশ ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে এই মন্তব্য মুখ্য অৰ্থনৈতিক উপদেষ্টাগৰাকীৰ ৷

লগতে আগন্তুক বছৰত জিডিপিৰ পৰিমাণ 8 পৰা 8.5 শতাংশ বৃদ্ধি পাব বুলি কেন্দ্ৰীয় চৰকাৰৰ এই অৰ্থনৈতিক প্ৰতিবেদন (Annual Economic Report Card)ত উল্লেখ কৰা হৈছে ৷ ইফালে খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত 70 ৰ পৰা 75 আমেৰিকান ডলাৰৰ ভিতৰত হ'ব বুলিও জানিব পৰা গৈছে । সমীক্ষাটোত 2022-23 বৰ্ষত বিশ্ব বেংক ( World Bank) আৰু এছিয়ান ডেভেলপমেণ্ট বেংক(Asian Development Bank) ত প্ৰকৃত জিডিপিৰ পৰিমাণ 8.7 শতাংশ আৰু 7.5 শতাংশ বৃদ্ধি পাব বুলি এক পূৰ্বানুমান কৰা হৈছে ৷

আনহাতে, 2022 চনৰ 25 জানুৱাৰীত মুকলি হোৱা ডব্লিউইঅ'ৰ এক প্ৰতিবেদন (World Economic Outlook) অনুসৰি 2021-22 আৰু 2022-23 এই দুয়োটা বিত্তীয় বৰ্ষতে প্ৰকৃত জিডিপিৰ হাৰ 9 শতাংশ আৰু 2023-24 বিত্তীয় বৰ্ষত প্ৰকৃত জিডিপিৰ হাৰ 7.1 শতাংশ হাৰত বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে ৷ এই হাৰে ভাৰতক তিনি বছৰৰ ভিতৰত বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতি হিচাপে প্ৰতিপন্ন কৰিব বুলি এই প্ৰতিবেদনত কোৱা হৈছে ৷

ইয়াৰ লগে লগে চীনতো 2022 চনত জিডিপিৰ হাৰ 4.8 শতাংশ হোৱাৰ লগতে 2023 চনত এই হাৰ 5.2 শতাংশলৈ বৃদ্ধি হ’ব বুলি ডব্লিউইঅ'ৰ প্ৰতিবেদন মৰ্মে জানিব পৰা গৈছে ৷ তদুপৰি, আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএমএফ) (International Monetary Fund) ৰ বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগীৰ মতে, বিশ্ব অৰ্থনীতিৰ হাৰ 2022 চনত 4.4 শতাংশ আৰু 2023 চনত এই হাৰ 3.8 শতাংশ বৃদ্ধি হ'ব ।

লগতে পঢ়ক :Budget session ২০২২: পেগাছাচ স্পাইৱেৰৰ প্ৰসংগৰে বিজেপিক বিপদত পেলাব কংগ্ৰেছে

ABOUT THE AUTHOR

...view details