অসম

assam

By

Published : Jun 28, 2019, 1:55 PM IST

ETV Bharat / business

বেংকৰ ওপৰত কিয় ভৰসা হেৰুৱাইছে সাধাৰণ লোকে ?

সম্পদশালীলোকে বেংকৰ কৰ্মচাৰীৰ সহায়ত কোটি কোটি সৰকাই নিয়া এইখন দেশতে প্ৰয়োজনত ঋণ লাভ কৰিবলৈ সক্ষম নহয় কৃষকসকল ৷ জালিয়াতিৰ ঘটনাৰ বাবে বেংক কৰ্তৃপক্ষ ঋণ প্ৰদানৰ নিয়ম সমূহ কঠিন কৰিলেও এই নিয়ম সমূহৰ দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছে সাধাৰণ লোকেহে ৷ এনে সময়ত ডিজিটেলাইজেন , ই ধনৰ প্ৰসাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰক বেংক ব্যৱস্থা অধিক সুৰক্ষিত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷

frauds

নিউজ ডেস্ক,28 জুন : দেশত সংঘটিত বৃহৎ বৃহৎ বেংক জালিয়াতিৰ পাচত যেন ক্ৰমাৎ বেংকসমূহৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে জনসাধাৰণে ৷ তথ্য অনুসৰি বিগত পাঁচ বছৰত 23 হাজাৰ বেংক জালিয়াতিৰ ঘটনা ৷ একাংশ লোকে বেংকৰ কৰ্মচাৰীৰ সহায়ত কোটি কোটি সৰকাই নিয়া এইখন দেশতে কিয় প্ৰয়োজনত ঋণ লাভ কৰিবলৈ সক্ষম নহয় কৃষকসকল ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটেলাইজেচনৰ প্ৰসাৰ কৰি থকাৰ সময়তে অনলাইন বেংকিঙৰ সুৰক্ষাৰ দিশটো এক ডাঙৰ প্ৰশ্ন হৈ দেখা দিছে ৷ নীৰৱ মোডীৰ , বিজয় মালিয়া দৰে ব্যৱসায়ীয়ে কৰা বৃহৎ বেংক জালিয়াতি ইয়াৰ উদাহৰণ ৷ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা প্ৰকাশিত তথ্যৰ ভিত্তিত প্ৰকাশিত পৰিসংখ্যাৰ পৰাও প্ৰমাণিত হৈছে এই কথা ৷ তথ্য অনুসৰি বিগত 5 বছৰত প্ৰায় 23 হাজাৰ বেংক জালিয়াতিৰ ঘটনা সংঘটিত হৈছে ৷ আনহাতে বিগত 11 বছৰত দাখিল কৰা হৈছে 53 হাজাৰ বেংক জালিয়াতিৰ ঘটনা ৷ পৰিসংখ্যা অনুযায়ী বিগত বছৰত জালিয়াতিৰ ফলত প্ৰায় 71 হাজাৰ 500 কোটি টকাৰ লোকচানৰ সন্মূখীন হৈছে বেংকসমূহ ৷ প্ৰায় 6 হাজাৰ 800 টা গোচৰ দাখিল কৰা হৈছে ৷ বিগত 11 বছৰত বেংক জালিয়াতিৰ ফলত পৰিষোধ কৰিবলৈ বাকী বেংকৰ দুই লাখ কোটি টকা ৷

বেংক জালিয়াতিৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে সাধাৰণ জনসাধাৰণৰ ওপৰত ৷ অনেক সময়ত দেখা পোৱা গৈছে বেংক জালিয়াতিৰ জৰিয়তে বহিঃৰাষ্ট্ৰলৈ সৰকাই নিয়া টকা উভতাই আনিবলৈ সক্ষম হোৱা নাই বেংকসমূহ ৷ জালিয়াতিৰ তদন্তত প্ৰকাশ পাইছে যে ,বেংকসমূহে বহুত সময়ত কোম্পানী অথবা সংস্থাসমূহৰ পৰা প্ৰদান কৰা তথ্যত ক্ৰুটি থকাৰ পাচতো প্ৰদান কৰে বিশাল অংকৰ ঋণ ৷

আনহাতে সম্পদশালীলোকে বেংকৰ কৰ্মচাৰীৰ সহায়ত কোটি কোটি সৰকাই নিয়া এইখন দেশতে প্ৰয়োজনত ঋণ লাভ কৰিবলৈ সক্ষম নহয় কৃষকসকল ৷ জালিয়াতিৰ ঘটনাৰ বাবে বেংক কৰ্তৃপক্ষ ঋণ প্ৰদানৰ নিয়ম সমূহ কঠিন কৰিলেও এই নিয়ম সমূহৰ দুৰ্ভোগ ভোগ কৰিবলগীয়া হৈছে সাধাৰণ লোকেহে ৷ ইয়াৰোপৰি এটিমৰ পৰা জালিয়াতিৰে ধন লুট, অনলাইন জালিয়াতি আদি ঘটনাৰ ফলতো বহু সময়ত কষ্টোপাৰ্জিত ধন হেৰুৱাব লগীয়া হৈছে সাধাৰণ লোকে ৷ বেংকসমূহৰ এনে বোৰ ঘটনাৰ ফলতে বেংক ব্যৱস্থাৰ ওপৰত যেন লাহে লাহে ভৰষা হেৰুৱাবলৈ ধৰিছে জনসাধাৰণে ৷
এনে সময়ত ডিজিটেলাইজেন , ই ধনৰ প্ৰসাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চৰকাৰক বেংক ব্যৱস্থা অধিক সুৰক্ষিত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷

ABOUT THE AUTHOR

...view details