অসম

assam

ETV Bharat / business

সংসদত উত্থাপন ‘বিবাদ সে বিশ্বাস বিধেয়ক,2020’ - সংসদত উত্থাপন বিবাদ সে বিশ্বাস বিধেয়ক,2020

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে সংসদত ডাইৰেক্ট টেক্স বিবাদ সে বিশ্বাস বিধেয়ক, 2020’ উত্থাপন কৰে ৷ 1 ফেব্ৰুৱাৰীৰ বাজেট ভাষণত সীতাৰমণে বিভিন্ন ন্যায়াধীকৰণত জমা হৈ থকা বিবাদসমূহৰ বিচাৰ কৰি সেইসমূহ নিস্পত্তি কৰাৰ বাবে ‘বিবাদ সে বিশ্বাস’ আঁচনিখনৰ ঘোষণা কৰিছিল ৷

FM introduces Direct Tax Vivad Se Vishwas Bill in Lok Sabha
সংসদত উত্থাপন ‘বিবাদ সে বিশ্বাস বিধেয়ক,2020’

By

Published : Feb 5, 2020, 5:36 PM IST

নেশ্বনেল ডেক্স,5 ফেব্ৰুৱাৰীঃবিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে সংসদত এখন বিশেষ বিধেয়ক উত্থাপন কৰে ৷ বিধেয়কখনৰ জৰিয়তে 9.32 লাখ কোটি টকাৰ বিতৰ্কিত কৰৰ বিষয়সমূহ সমাধান কৰাৰ চেষ্টা কৰা হৈছে ৷ ডাইৰেক্ট টেক্স ‘বিবাদ সে বিশ্বাস বিধেয়ক,2020’ উত্থাপন কৰি বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, এই বিধেয়কখনে বিশ্বাস গঠনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ৷ এই আঁচনিখন মুক্ত আঁচনি নহয়, সীমিত সময়লৈকে ইয়াৰ লাভ গ্ৰহণ কৰিব পৰা যাব ৷ বিত্তমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, বিধেয়কখনে বৈষম্যহীনভাৱে এটি সূত্ৰভিত্তিক সমাধান প্ৰদান কৰাৰ চেষ্টা কৰিছে ৷ এই বিধেয়কখনে চৰকাৰৰ পক্ষত মামলা-মোকৰ্দমাৰ ব্যয় হ্ৰাস কৰিব, সমান্তৰালভাৱে ই কিছু পৰিমাণে ৰাজহ আদায় কৰাৰ ক্ষেত্ৰতো সহায়ক হ’ব ৷

বিধেয়কখনৰ ভূমিকাৰ বিৰোধিতা কৰি কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে, বিধেয়কৰ নামটো হিন্দীত দিয়া হৈছে আৰু চৰকাৰখনে এটি নিৰ্দিষ্ট ভাষাক সমগ্ৰ দেশতে বলৱৎ কৰাৰ পৰিকল্পনা কৰিছে ৷ একে সময়তে ই চৰকাৰৰ কৰ আদায় কৰা প্ৰক্ৰিয়াটোকো ক্ষতিগ্ৰস্ত কৰিব ৷ ইয়াৰ উপৰিও শশী থাৰুৰে বিধেয়কখনৰ ওপৰত মন্তব্য কৰি কয় যে, বিধেয়কখনে সৎ আৰু অসৎ কৰদাতাসকলক সমান আচৰণ কৰি সমতাৰ নীতিৰ উলংঘন কৰিছে ৷ 1 ফেব্ৰুৱাৰীৰ বাজেট বক্তৃতাত সীতাৰমণে বিভিন্ন ন্যায়াধীকৰণত জমা হৈ থকা বিবাদসমূহৰ বিচাৰ কৰি সেইসমূহ নিষ্পত্তি কৰাৰ বাবে ‘বিবাদ সে বিশ্বাস’ আঁচনিখনৰ ঘোষণা কৰিছিল ৷ এই আঁচনিখনৰ অধীনত, যিসকল কৰদাতাৰ কৰৰ দাবী একাধিক ফোৰামৰ বিবাদত জড়িত হৈ আছে, তেঁওলোকে 20 মাৰ্চ, 2020ৰ ভিতৰত যথাযথ শুল্ক পৰিশোধ কৰিব পাৰিব লগতে সুত আৰু জৰিমনাৰ পৰা ৰেহাই লাভ কৰিব পাৰে ৷

লগতে পঢ়ক-আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন

ABOUT THE AUTHOR

...view details