নিউজ ডেস্ক, 20 অক্টোবৰ : ক’ভিড-19 মহামাৰীৰ পৰৱৰ্তী সময়তে আঞ্চলিকতাবাদত এক বিৰূপ প্ৰভাৱ পৰিছে, যাৰ ফলত ভাৰতৰ বিশ্বশক্তি হোৱাৰ পথত প্ৰধান বাধা হিচাপে দেখা দিছে এই মহামাৰী ৷ চীনৰ সৈতে ভাৰতে ফেৰ মাৰি আঞ্চলিক মহাশক্তি হিচাপে দেখা সপোন এতিয়া অবিশ্বাস্য যেন লাগিছে ৷ শেহতীয়া এক প্ৰতিবেদনত এই তথ্য স্পষ্টভাৱে প্ৰকাশ পাইছে ৷
অষ্ট্ৰেলিয়াস্থিত লেৱী ইনষ্টিটিউটৰ এছিয়া পাৱাৰ ইনডেস্ক 2020ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ ভিতৰত ভাৰতেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে উন্নয়নৰ ধাৰা স্তব্ধ হৈ পৰিছে একমাত্ৰ ক’ভিড-19 মহামাৰীৰ বাবে ৷
আজিৰ দিনত ভাৰতে চীনৰ অৰ্থনৈতিক আউটপুটৰ ক্ষেত্ৰত চলিত শতিকাৰ শেষলৈ মাত্ৰ 40 শতাংশৰ সমকক্ষত উপনীত হ'বলৈ সক্ষম হ'ব যিটো বিগত বৰ্ষত ভাৰতে 50 শতাংশ ধাৰ্য্য কৰিছিল ৷ প্ৰতিবেদনত এই তথ্য উল্লেখ কৰিছে প্ৰতিষ্ঠানটোৰ নিৰ্দেশক তথা এই প্ৰতিবেদনৰ মুখ্য গৱেষক হাৰ্ভে লেমাহিউৱে ৷ প্ৰতিবেদনখনত তেওঁ বিভিন্ন দিশত এবছৰ পূৰ্বে পিছপৰি থকা অধিকসংখ্যক দেশৰ সৈতে কোভিড-19ৰ সময়ত চীনৰ অৰ্থনৈতিক পুনৰুত্থানে শক্তিৰ ক্ষেত্ৰত সমগ্ৰ অঞ্চলটোত বৃহৎ পাৰ্থক্য আনি দিব বুলি উল্লেখ কৰিছে ৷
এছিয়া পাৱাৰ ইনডেস্ক 2020ত ভাৰতে চতুৰ্থ স্থানত আছে ৷ ভাৰতৰ স্কৰ 2019ৰ 41ৰ তুলনাত চলিত বৰ্ষত 39.7 লৈ অৱনমিত হৈছে ৷ ইয়াৰ দ্বাৰা ভাৰতে নিজৰ মুখ্য শক্তিৰ তালিকাত 40 পইন্ট হেৰুৱাই মধ্যম শক্তি হিচাপে পৰিগনিত হৈছে ৷ মহামাৰীৰ পূৰ্বে ধাৰণা কৰাৰ তুলনাত ভাৰতৰ অৰ্থনীতি 2030ৰ ভিতৰত 13 শতাংশ অৱনমিত হ'ব, যিটোৱে ভাৰতৰ অৰ্থনীতি 3 ত্ৰিলিয়ন ডলাৰ অৱনমিত কৰিব ৷
2018ত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা বাৰ্ষিক এছিয়া পাৱাৰ ইনডেস্কত এছিয়া-পেছিফিক মহাসাগৰীয় দেশসমূহৰ শক্তি আৰু প্ৰভাৱৰ ক্ষেত্ৰত উৎসসমূহ চিনাক্ত কৰি ৰেংক প্ৰদান কৰে ৷ এই প্ৰতিবেদনত 26 খন দেশক সামৰি লোৱা হয় আৰু দেশসমূহক বাহ্যিক পৰিৱেশ প্ৰভাৱান্বিত কৰিব পৰা শক্তিৰ আধাৰত ৰেংক প্ৰদান কৰা হয় ৷ 2020ৰ প্ৰতিবেদনত দেশকেইখনৰ কোভিড-19ৰ ভূ-ৰাজনৈতিক ফলাফলক অগ্ৰাধিকাৰ দিয়া হৈছিল ৷
চলিত তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰই 81.6 পইন্টেৰে সৰ্বশক্তিমান দেশ হিচাপে চিহ্নিত হৈছে যদিও ইণ্ডো-পেছিফিক দেশৰ ভিতৰত সৰ্বাধিক পৰিমানে অৱনমিত হৈছে ৷ দ্বিতীয় স্থানত 76.1 পইন্টেৰে চীন থকাৰ বিপৰীতে 41 পইন্টেৰে তৃতীয় স্থানত আছে জাপান ৷ প্ৰতিবেদনখনত 2018ৰ চীনৰ তুলনাত আমেৰিকাই 10 পইন্ট অধিক সংগ্ৰহ কৰিছে যদিও 2020ৰ মধ্যভাগলৈ আধাসংখ্যক পইন্ট অৱনমিত হৈছে ৷ 2020 ত অন্য দেশৰ তুলনাত ভিয়েটনাম, অষ্ট্ৰেলিয়া আৰু টাইৱানেও তালিকাত স্থান লাভ কৰিছে ৷
লগতে পঢ়ক :দক্ষিণ চীন সাগৰক লৈ চীনক সাৱধানবানী জাপানৰ