অসম

assam

ETV Bharat / business

COVID-19: চৰকাৰী সাহায্য অবিহনে ক্ষতিগ্ৰস্ত হ'ব খেতিয়ক

কৰ'ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 25 মাৰ্চৰ পৰা ঘোষণা কৰিছিল লক ডাউন । বহুত পিচতহে লক ডাউনৰ পৰা ৰেহাই দিয়া হৈছিল কৃষি ক্ষেত্ৰক ।

By

Published : Apr 30, 2020, 7:24 PM IST

সাহায্য অবিহনে ক্ষতি কৰিব খেতিয়কক
সাহায্য অবিহনে ক্ষতি কৰিব খেতিয়কক

নিউজ ডেস্ক, 30 এপ্ৰিলঃ লক ডাউনৰ সময়চোৱাত কৃষিৰ লগত জড়িত শ্ৰমিকৰ উচ্চ দৰ আৰু লোক সকলৰ চলাচল নিষিদ্ধ হৈ থকা বাবে ফলমূল আৰু শাক পাচলিৰ মূল্য অধিক হাৰত বৃদ্ধি হ'ব । কিন্তু এই বৃদ্ধিৰ ফলত ক্ৰেতা সকলৰ ক্ষতি হ'ব যদিও লাভ নহ'ব খেতিয়ক সকলৰ । এই কথা প্ৰকাশ কৰিছে কৃষি বিশেষজ্ঞ তথা প্ৰাক্তন CACPৰ অধ্যক্ষ অশোক ভীশন দাসে ।

কৰ'ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 25 মাৰ্চৰ পৰা ঘোষণা কৰিছিল লক ডাউন । লক ডাউন ঘোষণা কৰাৰ পাচত সাধাৰণ জনতাৰ চলাচল বন্ধ হৈ পৰিছিল । আনহাতে বহুত পিচতহে লক ডাউনৰ পৰা ৰেহাই দিয়া হৈছিল কৃষি ক্ষেত্ৰক । যাৰ ফলত শ্ৰমিক নোপোৱা হৈছিল কৃষক সকলে । পৰিবহণৰ বাবে কোনো ব্যৱস্থা নাছিল । আনহাতে লক ডাউনৰ ফলত ক্ৰেতাও ঘৰৰ পৰা ওলাব পৰা নাই । ফলত ফলমূল আৰু পাচলি সমূহ পথাৰতে নষ্ট হৈ পৰিছে ।

ABOUT THE AUTHOR

...view details