অসম

assam

ETV Bharat / business

ইৰাণৰ পৰা কেঁচা তেল ক্ৰয় কৰিব নোৱাৰিব ভাৰতে

আমেৰিকাই ইৰাণৰ পৰা ভাৰতক কেঁচা তেল ক্ৰয়ৰ যি ৰেহাই দিছিল, সেই ৰেহাই 1 মেৰ পৰা পুনৰ নিষিদ্ধ  কৰিলে ৷ এই নিষিদ্ধতাৰ বাবে ভাৰতে ইৰাণৰ পৰা কোনো ধৰণে কেঁচা তেল ক্ৰয় কৰিব নোৱাৰিব ৷ ভাৰতে  ইৰাণৰ পৰা 12%  তেল  ৰপ্তানি কৰে ৷

ইৰাণৰ পৰা কেঁচা তেল ক্ৰয় কৰিব নোৱাৰিব ভাৰতে

By

Published : May 2, 2019, 3:11 PM IST

নিউজ ডেস্ক 2 মেঃ- ইৰাণৰ পৰা কেঁচা তেল ক্ৰয় কৰাৰ ৰেহাইৰ 1 মে তাৰিখে ম্যাদ উকলিছে ভাৰতৰ ৷ যাৰ পৰিপেক্ষিতত ভাৰতে তেলৰ বৃহত্তম উৎপাদনকাৰী দেশ চৌদি আৰৱ, ইৰাক আৰু ইউএই ৰ পৰা কেঁচা তেল ক্ৰয় কৰাৰ সংকেত দিছে ৷

উল্লেখ্য যে আমেৰিকাই ইৰাণৰ পৰা ভাৰতক কেঁচা তেল ক্ৰয়ৰ ক্ষেত্ৰত যি ৰেহাই দিছিল, সেই ৰেহাই 1 মেৰ পৰা পুনৰ নিষিদ্ধ কৰিলে ৷ এই নিষিদ্ধতাৰ বাবে ভাৰতে ইৰাণৰ পৰা কোনো ধৰণে কেঁচা তেল ক্ৰয় কৰিব নোৱাৰিব ৷ ভাৰতে ইৰাণৰ পৰা 12% তেল ৰপ্তানি কৰে ৷

বিশেষজ্ঞসকলৰ মতে এনে পৰিস্থিতত কেঁচা তেলৰ দাম দ্ৰুত ভাৱে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ ফলত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হ’ব পাৰে ৷

মনকৰিব লগীয়া যে ইৰাণৰ পৰা কেঁচা তেল ক্ৰয় কৰা ভাৰত বিশ্বৰ তৃতীয় খন দেশ ৷ ইৰাণৰ পৰা ভাৰতে 2018-19 ত 2.39 কোটি টন কেঁচা তেল ক্ৰয় কৰিছিল ৷ আমেৰিকাৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃত্তিত প্ৰকাশ যে যি কেইখন দেশে ইৰাণৰ পৰা কেঁচা তেল সংগ্ৰহ কৰা সম্পূৰ্ণ ৰূপে বন্ধ নকৰে তেতিয়া আমেৰিকাৰ পৰা সেইকেইখন দেশে নিষিদ্ধতাৰ সন্মুখীন হ’ব লাগিব ৷

ইৰাণৰ পৰা কেঁচা তেল ক্ৰয় কৰিব নোৱাৰিব ভাৰতে

ABOUT THE AUTHOR

...view details