নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ বিশ্বজুৰি চলা কৰ'ণা ভাইৰাছৰ মহামাৰীৰ ফলত এতিয়া দেশৰ অৰ্থনীতিৰ লগতে বিভিন্ন ক্ষেত্ৰত ব্যাপক কু-প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । দেশ তথা আন্তঃৰাষ্ট্ৰীয় দেশলৈ বিমান সেৱা বাতিল হোৱাৰ ফলত ভাৰতীয় বিমান সংস্থাই এই বৰ্ষত ৮৫,১২০ কোটি টকাৰ ৰাজহৰ লোকচানৰ সন্মুখীন হৈছে । ইয়াৰ লগে-লগে প্ৰায় ২৯ লাখ লোকৰ চাকৰিৰ প্ৰতিও বিপদ নামি আহিছে । কাৰণ মহামাৰী ফলত প্ৰায় ৪৭ শতাংশ যাত্ৰীৰ চাহিদা হ্ৰাস পাইছে এই বৰ্ষত । শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰিছে আন্তঃজাৰ্তিক বিমান পৰিবহন সংস্থাই ।
সংস্থাটোৱে শেহতীয়াকৈ কৰা অনুমানৰ আধাৰত এছিয়া প্ৰশান্ত অঞ্চলত কৰ'ণা ভাইৰাছৰ মহামাৰীৰ বাবে ভ্ৰমণ নিষিদ্ধ কৰাৰ ফলত দেশত ক্ৰমবৰ্ধমান কু-প্ৰভাৱৰো ইংগিত প্ৰদান কৰিছে ।
২০২০ বৰ্ষৰ ১৪ এপ্ৰিলত সংস্থাটোৱে এক প্ৰতিবেদনত দাঙি ধৰিছিল যে,এই মহামাৰী সময়ত বিশ্বৰ বিমান যাত্ৰীৰ ৰাজহত ২,৩৮৬,৪০০ কোটি টকাৰ হ্ৰাস দেখা পোৱা গৈছিল । যিটো ২০১৯ বৰ্ষৰ তুলনাত ৫৫ শতাংশ হ্ৰাস । আনহাতে প্ৰশান্ত মহাদেশীয় অঞ্চলত সৰ্বাধিক ৮,৫৮,৮০০ কোটি টকা ৰাজহ নিম্নগামী হৈছে । (২০১৯ বৰ্ষৰ মাৰ্চ ২৪ তাৰিখলৈ আছিল -৬,৬৮,৮০০) । ইয়াৰ লগতে যাত্ৰীৰ চাহিদাটো ৫০ শতাংশ হ্ৰাস দেখা পোৱা গৈছে ২০১৯ বৰ্ষৰ তুলনাত (-৩৭ শতাংশ ২৪ মাৰ্চলৈ) ।