বিমানৰ দৰে সকলো সা-সুবিধা এতিয়া ৰেলত পাব ! - ভাৰতীয় ৰেলৱে
গ্ৰাহকৰ সুবিধাৰ্থে আই আৰ চি টি চিয়ে 34 গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত 'এয়াৰ হোষ্টেচ' আৰু 'ফ্লাইট স্তিউৱাৰ্দেচ' 6 মাহৰ ট্ৰায়েলৰ বাবে নিয়োগ কৰিছে ৷
নিউজ ডেস্ক,7 আগষ্টঃ বিমানসেৱাৰ দৰে উৎকৃষ্ট মানৰ সেৱা আগবঢ়াব ভাৰতীয় ৰেলৱেয়ে ৷ ভাৰতৰ উৎকৃষ্ট মানৰ ৰেল 'বন্দে ভাৰত এক্সপ্ৰেচত' এক পায়লট প্ৰজেক্টৰ আধাৰত পৰীক্ষণ কৰা হৈছিল য’ত বিমানৰ নিচিনাকৈ এয়াৰ হোষ্টেচ নিয়োগ কৰা হৈছিল ৷ আই আৰ চি টি চিক এই ট্ৰায়েল প্ৰজেক্টৰ দায়িত্ব প্ৰদান কৰা হৈছিল ৷ গ্ৰাহকৰ সুবিধাৰ্থে আই আৰ চি টি চিয়ে 34 গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত 'এয়াৰ হোষ্টেচ' আৰু 'ফ্লাইট স্তিউৱাৰ্দেচ' 6 মাহৰ ট্ৰায়েলৰ বাবে নিয়োগ কৰিছে ৷ এই পৰীক্ষণ সফল হোৱাৰ বাবে এতিয়া এই সুবিধা অন্য ৰেল সমূহতো আগবঢ়োৱাৰ কথা চিন্তা কৰিছে আই আৰ চি টি চিয়ে ৷