অসম

assam

ETV Bharat / business

উত্তৰ পূৱৰ তৃতীয় অন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হ’ব মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ

আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ ঘোষণা কৰা হল অন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ৷ এই বৰ্ষৰ শেষ ভাগলৈ বা 2020 বৰ্ষৰ প্ৰথম ভাগত সম্পূৰ্ণ হ’ব প্ৰক্ৰিয়া ৷ এই কথা জানিবলৈ দিয়ে ত্ৰিপুৰাৰ পৰিবহন আৰু পৰ্যটন মন্ত্ৰী প্ৰানজিৎ সিঙহ ৰয়ে ৷

উত্তৰ পূৱৰ তৃতীয় অন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হ’ব মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ

By

Published : Jun 18, 2019, 2:05 PM IST

Updated : Jun 18, 2019, 3:09 PM IST

আগৰতালা,18 জুন: গুৱাহাটী আৰু ইম্ফলৰ পিচতেই এইবাৰ আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ ঘোষণা কৰা হ'ল অন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ৷ এই বৰ্ষৰ শেষ ভাগলৈ বা 2020 বৰ্ষৰ প্ৰথম ভাগত সম্পূৰ্ণ হ’ব প্ৰক্ৰিয়া ৷ এই কথা জানিবলৈ দিয়ে ত্ৰিপুৰাৰ পৰিবহন আৰু পৰ্যটন মন্ত্ৰী প্ৰানজিৎ সিঙহ ৰয়ে ৷ তেওঁ জনাই যে এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়াই বিমানবন্দৰটো অন্তঃৰাষ্ট্ৰীয় মান দণ্ডৰ কৰি তুলিবলৈ 438 কোটী টকা আগবঢ়াইছে ৷ এই বিমানবন্দৰটো 1942 চনত ত্ৰিপুৰাৰ ৰজা মহাৰাজা বীৰ বিক্ৰম কিশোৰ মানিক্য বাহাদুৰে স্থাপন কৰিছিল ৷ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত এই বিমানবন্দৰটো অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছিল ৷ উল্লেখ্য যে, এই বিমানবন্দৰটো গুৱাহাটীস্থিত লোকপ্ৰিয় গোপিনাথ বৰদলৈ অন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পিছতেই উত্তৰ পূৱৰ আতাইতকৈ বেছি ব্যস্ত বিমান বন্দৰ ৷

উত্তৰ পূৱৰ তৃতীয় অন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হ’ব মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ

লগতে পঢ়ক: ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা...

ইয়াৰ উপৰিও এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে জানিবলৈ দিয়া মতে ইম্ফল অন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নতকৰণৰ বাবে 720 কোটি টকা ধাৰ্য কৰা হৈছে ৷

Last Updated : Jun 18, 2019, 3:09 PM IST

ABOUT THE AUTHOR

...view details