নেশ্যনেল ডেস্ক, 28 এপ্ৰিল : লকডাউনৰ সময়ছোৱাত আৰ্থিক সমস্যাত ভুগিছে দেশৰ জনসাধাৰণ ৷ EPFO আৰু ব্যক্তিগত PF ট্ৰাষ্টৰ পৰা প্ৰায় 8.2 লাখ সদস্যই 3,243.17 কোটি টকা মুকলি কৰে ৷ 28 মাৰ্চত Employees Provident Fund Organisation (EPFO) য়ে কৰ্মচাৰীক তেওঁলোকৰ অৱসৰ পুঁজিৰ পৰা non-refundable advance মুকলি কৰিবলৈ সন্মতি প্ৰদান কৰিছিল ৷
লকডাউনৰ প্ৰভাৱ : 8.2 লাখ লোকে মুকলি কৰিলে সঞ্চয়ৰ ধন - EPFO আৰু ব্যক্তিগত PF ট্ৰাষ্ট
সৰ্বসাধাৰণ লোকৰ জীৱনত লকডাউনে বিৰূপ প্ৰভাৱ পেলাইছে ৷ EPFO আৰু ব্যক্তিগত PF ট্ৰাষ্টৰ পৰা প্ৰায় 8.2 লাখ সদস্যই 3,243.17 কোটি টকা মুকলি কৰিছে ৷
8.2 লাখ লোকে মুকলি কৰিলে সঞ্চয়ৰ ধন
শ্ৰম মন্ত্ৰণালয়ে এক বিবৃতিত কয়, "শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ অধীনত EPFO য়ে প্ৰায় 12.91 লাখ লোকৰ দাবী পূৰ কৰা হৈছে ৷ PMGKY পেকেজৰ অধীনত COVID ৰ বাবে কৰা দাবীৰ অধীনত 2,367.65 কোটি টকা সহিতে সৰ্বমুঠ 4,684.52 কোটি টকা প্ৰদান কৰা হৈছে ৷"