নিউজ ডেস্ক, 28 এপ্ৰিল: চেণ্ট্ৰেল বৰ্ড অৱ ডাইৰেক্ট টেক্সেচে 2018-19 বিত্তীয় বৰ্ষৰ 2019-20 বৰ্ষক ভিত্তি বৰ্ষ হিচাপে লৈ ফৰ্ম 16ত সালসলনি কৰিছে ৷ এই সিদ্ধান্ত চেণ্ট্ৰেল বৰ্ড অৱ ডাইৰেক্ট টেক্সেচে আয়কৰ জমা দিয়া ফৰ্ম আইটিআৰ 1 ৰ পৰা আইটিআৰ 7 ত সালসলনি কৰাৰ পিছত পৰিলক্ষিত হৈছে ৷ নতুন ফৰ্ম 16 খন মে 12 ,2019 ৰ পৰা প্ৰযোজ্য হ’ব অৰ্থাৎ নিয়োগকৰ্তা সকলে নতুন ফৰ্ম 16 খন কৰ্মচাৰী সকলক যাৱতীয় সালসলনি সমূহ কৰি দিব পাৰিব ৷ উল্লেখ্য যে, ফৰ্ম 16 জুন মাহৰ দ্বিতীয় অৰ্ধৰ পৰা দিয়া হয় ৷
- কি হয় এই ফৰ্ম 16?
ফৰ্ম 16 হৈছে এক প্ৰমাণ পত্ৰ যাৰ দ্বাৰা নিয়োগকৰ্তা সকলে দৰমহাৰ পৰা কিমান ধন টিডিএচ হিচাপে কৰ্তন কৰি আয়কৰ বিভাগত জমা কৰিছে তাৰ বিষয়ে জানিব পাৰি ৷ ইয়াৰ উপৰিও ফৰ্ম 16 আয়কৰ জমা দিয়া(আইটিআৰ) দাখিল কৰিবলৈ এক জৰুৰী নথি ৷ আয়কৰ আইন,1961 অনুসৰি নিয়োগকৰ্তা সকলৰ পক্ষে কৰ্মচাৰীক ফৰ্ম 16 যোগান ধৰাটো বাধ্যতামূলক ৷