অসম

assam

ETV Bharat / business

উবেৰ ইণ্ডিয়াৰ পৰা অপসাৰণ 600 পূৰ্ণকালীন কৰ্মচাৰী

"কোভিড 19ৰ প্ৰভাৱে উবেৰ ইণ্ডিয়াৰ হাতত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ বাহিৰে কোনো ধৰণৰ পথ ৰখা নাই । ড্ৰাইভাৰ, ৰাইডাৰ চাপোৰ্টৰ উপৰিও অন্যান্য বিভাগত জড়িত প্ৰায় 600 কৰ্মচাৰী ইয়াৰ ফলত প্ৰভাৱিত হৈছে । এই হ্ৰাস চলিত মাহৰ আৰম্ভণিতে ঘোষিত বিশ্বব্যাপী চাকৰি হ্ৰাসৰ এটি অংশ ।"-উবেৰৰ ভাৰত আৰু দক্ষিণ এছিয়া ব্যৱসায়ৰ সভাপতি প্ৰদীপ পৰমেশ্বৰন ।

Uber India lays off around 600 employees
উবেৰ ইণ্ডিয়াৰ পৰা অপসাৰণ 600 পুৰ্ণকালীন কৰ্মচাৰী

By

Published : May 26, 2020, 1:41 PM IST

নেশ্যনেল ডেক্স, 25 মেঃ কৰ'ণা ভাইৰাছ সংকটৰ বাবে উবেৰ ইণ্ডিয়াই মঙলবাৰে 600 পূৰ্ণকালীন কৰ্মচাৰীক চাকৰিৰ পৰা অপসাৰণ কৰাৰ কথা ঘোষণা কৰে । প্ৰভাৱিত কৰ্মচাৰীসকল চালক, ৰাইডাৰ চাপোৰ্ট আৰু অন্য কাৰ্যত জড়িত কৰ্মচাৰী বুলি জানিবলৈ দিয়ে উবেৰৰ ভাৰত আৰু দক্ষিণ এছিয়া ব্যৱসায়ৰ সভাপতি প্ৰদীপ পৰমেশ্বৰনে ।

তেখেতে কয় যে, "কোভিড 19ৰ প্ৰভাৱে উবেৰ ইণ্ডিয়াৰ হাতত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ বাহিৰে কোনো ধৰণৰ পথ ৰখা নাই । ড্ৰাইভাৰ, ৰাইডাৰ চাপোৰ্টৰ উপৰিও অন্যান্য বিভাগত জড়িত প্ৰায় 600 কৰ্মচাৰী ইয়াৰ ফলত প্ৰভাৱিত হৈছে । এই হ্ৰাস চলিত মাহৰ আৰম্ভণিতে ঘোষিত বিশ্বব্যাপী চাকৰি হ্ৰাসৰ এটি অংশ । আমি ভৱিষ্যতে বিশ্বাসত থিয় দিয়াৰ বাবে আজি এই সিদ্ধান্ত গ্ৰহণ কৰিছো । মই বিচ্ছিন্ন কৰ্মচাৰীসকলক ক্ষমা বিচাৰিছো আৰু উবেৰ ইণ্ডিয়াত তেওঁলোকে দিয়া অৱদানৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ।"

নিলম্বিত কৰ্মচাৰী সকলক উবেৰে 10 সপ্তাহৰ দৰমহাৰ উপৰিও পৰৱৰ্তী ছয়মাহৰ বাবে চিকিৎসা বীমা কভাৰেজ আৰু আউটপুটমেন্ট সমৰ্থন আগবঢ়াব । এই পৰ্যন্ত উবেৰে বিশ্বজুৰি প্ৰায় 6,700 কৰ্মচাৰীক অপসাৰণ কৰিছে ।

ওলাৰ ৰেভিনিউ 2 মাহত 95 শতাংশ হ্ৰাস পোৱাত 1,400 কৰ্মচাৰীক অপসাৰণ কৰাৰ পিছতেই উবেৰেও এই সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক- কেৰালাত আৰম্ভ SSLC, উচ্চতৰ মাধ্যমিক আৰু VHSE পৰীক্ষা

ABOUT THE AUTHOR

...view details