অসম

assam

ETV Bharat / business

টয়টা-ছুজুকিৰ নতুন পৰিকল্পনাঃ ভাৰতত নিৰ্মাণ কৰিব ইলেক্ট্ৰিক বাহন

বুধবাৰে দুয়োটা কোম্পানীয়ে চুক্তিবদ্ধ হোৱাৰ বিষয়ে প্ৰকাশ কৰে ৷ ভাৰত , ইউৰোপ , আফ্ৰিকাত দুয়োটা কোম্পানীয়ে একক ভাৱে নিৰ্মাণ কৰিব  এচ ইউ ভি ভিটাৰা ব্ৰেজা ৷

VE

By

Published : Mar 21, 2019, 11:41 AM IST

নতুন দিল্লী ,21 মাৰ্চ : জাপানৰ টয়টা মটৰ কৰ্পৰেচন আৰু ছুজুকি মটৰ কৰ্পৰেচনে ভাৰতত নিৰ্মাণ কৰিব এচ ইউ ভি ভিটাৰা ব্ৰেজা ৷ বুধবাৰে দুয়োটা কোম্পানীয়ে চুক্তিবদ্ধ হোৱাৰ বিষয়ে প্ৰকাশ কৰে ৷ ভাৰত , ইউৰোপ , আফ্ৰিকাত দুয়োটা কোম্পানীয়ে একক ভাৱে নিৰ্মাণ কৰিব এচ ইউ ভি ভিটাৰা ব্ৰেজা ৷ ভাৰতত 2022 চনৰ পৰা কাৰ্যকৰী হ'ব এই চুক্তি ৷

চুক্তি অনুসৰি ছুজুকি কোম্পানীয়ে ভাৰতত টয়টা কোম্পানীলৈ চিয়াজ ছিডান আৰু আৰটিগা গাড়ী প্ৰেৰণ কৰিব ৷ ইয়াৰোপৰি ছুজুকিয়ে ভাৰতত নিৰ্মিত কেইবাখনো বাহন টয়টা কোম্পানীৰ আফ্ৰিকাৰ বজাৰলৈ প্ৰেৰণ কৰিব ৷

কোম্পানী দুটাই প্ৰকাশ কৰা অনুসৰি দুয়োটা কোম্পানীয়ে পৰস্পৰৰ প্ৰযুক্তিবিদ্যা , উৎপাদনৰ শক্তি বৃদ্ধিৰ বাবে চেষ্টা কৰিব ৷ ভাৰত স্থিত টয়টাৰ কাৰখানাত 2022 চনৰ পৰা ছুজুকিয়ে নিৰ্মাণ কৰিব এচ ইউ ভি ভিটাৰা ব্ৰেজা ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details