অসম

assam

ETV Bharat / business

মাৰ্চ, এপ্ৰিল মাহৰ প্ৰিমিয়াম পৰিশোধৰ সময়সীমা 30 দিনলৈ বৃদ্ধি LIC ৰ - প্ৰিমিয়াম পৰিশোধ

LIC ৰ প্ৰিমিয়াম পৰিশোধৰ সময়সীমা 30দিনলৈ বৃদ্ধি ৷ ফেব্ৰুৱাৰী মাহৰ সময়সীমা 15 এপ্ৰিললৈ বৃদ্ধি ৷

মাৰ্চ, এপ্ৰিল মাহ
প্ৰিমিয়াম পৰিশোধৰ সময়সীমা 30 দিনলৈ বৃদ্ধি LIC ৰ

By

Published : Apr 11, 2020, 9:55 PM IST

বিজনেছ ডেস্ক, 11 এপ্ৰিল : শনিবাৰে জীৱন বীমা নিগমে (Life Insurance Corporation) মাৰ্চ আৰু এপ্ৰিল মাহৰ প্ৰিমিয়াম পৰিশোধৰ সময়সীমা 30 দিনলৈ বৃদ্ধি কৰিছে ৷ COVID-19 ৰ ফলত LIC ৰ গ্ৰাহকসকলে প্ৰিমিয়াম পৰিশোধ কৰাত সমস্যাৰ সন্মুখীন হোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে জীৱন বীমা নিগমে ৷

LIC য়ে প্ৰদান কৰা বিবৃতি অনুসৰি, "ফেব্ৰুৱাৰী মাহৰ টকা পৰিশোধৰ সমসীমা 22 মাৰ্চত অন্ত পৰিছে ৷ সেয়েহে এই মাহৰো সময়সীমা 15 এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে ৷"

LIC ৰ গ্ৰাহকসকলে প্ৰিমিয়ামসমূহ LIC ৰ ডিজিটেল পেমেন্টৰ জৰিয়তে কৰিব পাৰিব আৰু ইয়াৰ বাবে কোনো ধৰণৰ সেৱা কৰ লোৱা নহ'ব ৷

ইয়াৰোপৰি, গ্ৰাহকসকলে প্ৰিমিয়াম পৰিশোধ কৰিবৰ বাবে ৱেবছাইটত পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই ৷ নিজৰ প্ৰাথমিক তথ্য প্ৰদানৰ জৰিয়তেই প্ৰিমিয়াম পৰিশোধ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু Paytm, PhonePe, Google Pay, BHIM, UPI ৰ দৰে এপৰ জৰিয়তেও টকা পৰিশোধ কৰিব পাৰিব ৷

ইয়াৰোপৰি, IDBI আৰু Axis Bank ৰ শাখাসমূহ আৰু Common Service Centres (CSC) ৰ জৰিয়তেও নগদ টকা পৰিশোধ কৰিব পাৰিব ৷

উল্লেখ্য যে, COVID-19 ত মৃত লোকৰ পৰিয়ালক চৰকাৰৰ সহযোগত প্ৰদান কৰা তালিকাৰ ভিত্তিত সহায়ৰ বাবে আগবাঢ়ি আহিছে LIC ৷

16 টাকৈ পলিচিৰ অধীনত COVID-19 ত মৃত লোকক অতি কম সময়ৰ ভিতৰতে সহায় আগবঢ়াইছে বুলি LIC ৰ বিবৃতিত প্ৰকাশ ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details