অসম

assam

ETV Bharat / business

বন্ধ হ'ব নেকি পেটিএম ! - plea

দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক পেটিএম পোষ্ট পেড ৱেলেটৰ ওপৰত দাখিল কৰা  আৱেদনৰ  উত্তৰ বিচাৰিছে ৷ আৱেদন খনত পেটিএম পোষ্টপেড ৱেলেট বে-আইনী আৰু অনাধিকৃত আখ্যা দি আদালতত তাৰ বিৰোধে গোচৰ তৰা হৈছিল ৷

পেটিএম পোষ্ট পেডৰ ক্ষেত্ৰত আৰবিআইৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

By

Published : May 28, 2019, 5:53 PM IST

নিউজ ডেস্ক 28 মেঃ দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক পেটিএম পোষ্ট পেড ৱেলেটৰ ওপৰত দাখিল কৰা আবেদনৰ উত্তৰ বিচাৰিছে ৷ আবেদন খনত পেটিএম পোষ্টপেড ৱেলেট বে-আইনী আৰু অনাধিকৃত আখ্যা দি আদালতত তাৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল ৷

পেটিএম পোষ্ট পেডৰ ক্ষেত্ৰত আৰবিআইৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

দিল্লী উচ্চ ন্যায়ালয়ত অৰ্থশাস্ত্ৰী অভিজিৎ মিশ্ৰাৰ হৈ অধিবক্তা পায়েল পহলে দাখিল কৰা আৱেদনৰ শুনানি সোমবাৰে ন্য়ায়ালয়ে গ্ৰহণ কৰিছিল ৷ মিশ্ৰাই আৱেদন খনত উল্লেখ কৰিছিল যে পেটিএম পষ্ট পেড ৱেলেটৰ সঞ্চালন প্ৰক্ৰিয়া অবৈধ কাৰণ বেংকক অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ সময়ত আৰবিআইৰ নিৰ্দেশৱালীৰ অধীনত ৱেলেটত ঋণ প্ৰদানৰ কাৰণে অনুমোদন জনোৱা নহয় ৷ দিল্লী উচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধীশ ৰাজেন্দ্ৰ মেননৰ অধ্যক্ষতাত খণ্ড বিচাৰপীঠে আৰবিআই আৰু পেটিএম পেমেণ্ট বেংকৰ পৰা ইয়াৰ বাবে উত্তৰ বিচাৰিছে ৷

ABOUT THE AUTHOR

...view details