অসম

assam

ETV Bharat / business

কৰ'ণা ভাইৰাছ : ১৩ শতাংশ কৰ্মচাৰী কৰ্তন কৰিব 'Zomato'য়ে - জ'মেট'ৰ প্ৰতিষ্ঠাপক দীপিন্দৰ গোয়লে

অনলাইন ফুড ডেলিভাৰী কোম্পানী Zomato ত কৰ্মৰত লোকৰ বাবে আহিছে এক দুঃখবৰ । কৰ'ণা ভাইৰাছৰ সংকটৰ সময়তেই কোম্পানীটোৰ ১৩ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিব জ'মেট'য়ে ।

zomato lays off 13 percent workforce up to 50 percent salary cut for rest
zomato lays off 13 percent workforce up to 50 percent salary cut for rest

By

Published : May 16, 2020, 2:39 PM IST

নিউজ ডেস্ক, ১৬ মে': দেশত চলি থকা অনলাইন ফুড ডেলিভাৰী কোম্পানী "Zomato"ত কৰ্মৰত সকলৰ বাবে আহিছে এক দুঃখবৰ । লক্ ডাউন, কৰ'ণা সংকটৰ মাজতেই শুকুৰবাৰে কোম্পানীটোৰ পৰা কোৱা হয় ১৩ শতাংশ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কথা । কোম্পানীটোত বৰ্তমানে ৪০০০ হাজাৰ কৰ্মচাৰী কৰ্মৰত । কৰ'ণা ভাইৰাছৰ মহামাৰী কাৰণেই কোম্পনীটোৱে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।

জ'মেট'ৰ প্ৰতিষ্ঠাপক আৰু CEO দীপিন্দৰ গোয়েলে কয়, কোম্পানীৰ ব্যৱসায়ৰ বহু কেইটা দিশত বিগত কেইটামান মাহত নাটকীয় ৰূপত কিছু পৰিৱৰ্তন দেখা পোৱা গৈছে । ইয়াৰ ভিতৰত কেইবাটাও পৰিৱৰ্তন স্থায়ী হ'ব । আমি অধিক কেন্দ্ৰীভূত জ'মেট' নিৰ্মাণ কৰাৰ চেষ্টা অব্যাহত ৰাখিম । কিন্তু সকলো কৰ্মচাৰীক পৰ্যাপ্ত কাম দিয়াৰ সম্ভাৱনা দেখা পোৱা যোৱা নাই । আমি প্ৰায় ১৩ শতাংশ কৰ্মচাৰী আমাৰ সৈতে আগলৈ ৰাখিবলৈ সক্ষম নহ'ম বুলি উল্লেখ কৰে গোয়েলে ।

যি সকল কৰ্মচাৰীক অব্যাহতি দিয়া হ'ব তেওঁলোকে ২৪ ঘণ্টাৰ ভিতৰত কোম্পানীৰ অধীনত এটা দলৰ পৰা জুম ক'লৰ নিমন্ত্ৰণ লাভ কৰিব । সেই সকল কৰ্মচাৰীক এতিয়াই অব্যাহতি দিয়া নহয় বুলি উল্লেখ কৰা হয় । অৱশ্য়ে কোম্পানীৰ হাতত তেওঁলোকৰ বাবে কাম নাই যিহেতু তেওঁলোকক ৫০ শতাংশ দৰমহাহে প্ৰদান কৰিব বুলি কোৱা হৈছে ।

গোয়লে লগতে কয়, কৰ্মচাৰী সকলে নিজৰ সম্পূৰ্ণ সময় আৰু নিজৰ সম্পূৰ্ণ শক্তি নতুন চাকৰি বিচাৰিবলৈ প্ৰয়োগ কৰিব বুলি আশা প্ৰকাশ কৰে । জুন মাহৰ পৰা কোম্পানীটোৱে সকলো কৰ্মচাৰীৰ ৫০ শতাংশ দৰমহা কৰ্তন কৰিবলৈ আগবাঢ়িছে ।

ABOUT THE AUTHOR

...view details