অসম

assam

উৰণৰ বাবে সাজু জ’মেটৰ ফুড ডেলিভাৰী দ্ৰোণ

By

Published : Jun 13, 2019, 8:23 AM IST

জ’মেটৰ প্ৰতিষ্ঠাপক দীপিন্দৰ গোয়েলে ফুড ডেলিভাৰী দ্ৰোণখনৰ সন্দৰ্ভত কয় যে খাদ্য প্ৰেৰণৰ সময় 30 মিনিটৰ 15 মিনিট কৰাৰ একমাত্ৰ সহজ আৰু সুৰক্ষিত উপায় হৈছে এই প্ৰযুক্তি ৷ এই দ্ৰোণখনে 5 কেজি লৈকে ওজন কঢ়িয়াব পাৰিব ৷ লগতে এই প্ৰযুক্তিৰ ফলত দ্ৰোণৰ দ্বাৰা খাদ্য প্ৰেৰণ এক সপোন হৈ নাথাকি দিঠকলৈ পৰিণত হ'ব বুলিও মন্তব্য কৰে প্ৰতিষ্ঠাপকগৰাকীয়ে ৷

উৰণৰ বাবে সাজু জ’মেটৰ ফুড ডেলিভাৰী দ্ৰোণ

নিউজ ডেস্ক, 12 জুনঃ ফুড ডেলিভাৰী এপ জ’মেটয়ে সফলতাৰে পৰীক্ষণ কৰিলে ফুড ডেলিভাৰী দ্ৰোণ ৷ ফুড ডেলিভাৰী দ্ৰোণখনে ঘন্টাত 80 কিলোমিটাৰ বেগৰে চলাৰ উপৰিও 10 মিনিটত পাঁচ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব ৷ বুধবাৰে এই কথা সদৰি কৰে জ’মেটয়ে ৷

জ’মেটৰ প্ৰতিষ্ঠাপক দীপিন্দৰ গোয়েলে ফুড ডেলিভাৰী দ্ৰোণখনৰ সন্দৰ্ভত কয় যে খাদ্য প্ৰেৰণৰ সময় 30 মিনিটৰ 15 মিনিট কৰাৰ একমাত্ৰ সহজ আৰু সুৰক্ষিত উপায় হৈছে এই প্ৰযুক্তি ৷ এই দ্ৰোণখনে 5 কেজি লৈকে ওজন কঢ়িয়াব পাৰিব ৷ লগতে এই প্ৰযুক্তিৰ ফলত দ্ৰোণৰ দ্বাৰা খাদ্য প্ৰেৰণ এক সপোন হৈ নাথাকি দিঠকলৈ পৰিণত হ'ব বুলিও মন্তব্য কৰে প্ৰতিষ্ঠাপকগৰাকীয়ে ৷

উৰণৰ বাবে সাজু জ’মেটৰ ফুড ডেলিভাৰী দ্ৰোণ

ইয়াৰোপৰি দীপিন্দৰ গোয়েলে কয় যে এই ধৰণে খাদ্য প্ৰেৰণ কৰাৰো কিছু সীমাবদ্ধতা আছে, এনে প্ৰযুক্তিয়ে প্ৰতিৰক্ষা ক্ষেত্ৰলৈ ভাবুকি আনিব পাৰে ৷ উল্লেখ্য যে এই দ্ৰোণখন টেকইগল নামৰ এটা দ্ৰোণ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে সাজি উলিওৱা বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details