-কৃষ্ণানন্দ ত্ৰিপাঠী, ইটিভি ভাৰত
আশা কৰা ধৰণেই ক'ভিড-19 লকডাউনৰ প্ৰথমভাগত ভাৰতীয় উপভোক্তাৰ খৰছৰ ধৰণ সলনি হ'ল ৷ শেহতীয়াকৈ চৰকাৰে প্ৰতিবন্ধকতাসমূহ শিথিল কৰি দিয়া বাবে এই খৰছৰ ধৰণ ক'ভিডৰ পূৰ্বৰ তুলনাত 80-90 শতাংশলৈ উভতি আহিছে ৷ তথাপিও ক'ভিডৰ পূৰ্বে উপভোক্তাই যিদৰে খৰছ কৰিছিল সেয়া পূৰ্বৰ দৰে হৈ থকা নাই ৷
চলিত বছৰৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা লকডাউন বিশ্বৰ কাঢ়া লকডাউন সমূহৰ অন্যতম আছিল ৷ সেই সময়ছোৱাত সকলো লোক ঘৰতে আৱদ্ধ হৈ পৰাৰ লগতে প্ৰায় বন্ধ হৈ পৰিছিল অৰ্থনৈতিক কৰ্ম ৷
ই দেশৰ উপভোক্তাৰ খৰছৰ ধৰণ একেবাৰে সলনি কৰি পেলাইছিল ৷ অৰ্থনৈতিক অনিশ্চয়তাৰ ফলত মধ্যবিত্ত পৰিয়ালৰ লোকে টকা জমা কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল ৷
ফেডাৰেল বেংকৰ কাৰ্যবাহী বিষয়া শালিনী ৱেৰিয়ৰে কয়, "লকডাউনৰ প্ৰাৰম্ভিক পৰ্যায়ত আমি প্ৰত্যক্ষ কৰিছিলো যে, উপভোক্তাই ঘৰুৱা ব্যৱহৃত সামগ্ৰী, দৰৱ-পাতি আৰু অন্যন্য প্ৰয়োজনীয় সামগ্ৰীত খৰছ হ্ৰাস কৰিছিল ৷"
ৱেৰিয়াৰে লগতে কয় যে, চৰকাৰে লকডাউন শিথিল কৰি দিয়া বাবে যোৱা তিনি মাহত উপভোক্তাৰ খৰছৰ আকৌ উত্থান ঘটে ৷
শালিনীয়ে কয়, "অৰ্থনৈতিক কাৰ্যসমূহ পুনৰ আৰম্ভ হোৱাত খৰছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে ৷ জানুৱাৰীৰ দৰে এই পৰিমাণ 80-90 শতাংশলৈ বৃদ্ধি পাইছে আৰু এয়া এক ভাল সংকেত ৷ "
ইটিভি ভাৰতৰ এক প্ৰশ্নৰ উত্তৰত ৱেৰিয়াৰে কয় যে, ক'ভিডৰ পূৰ্বৰ দৰেই খৰছৰ পৰিমাণ পুনৰ বৃদ্ধি পাইছে যদিও খৰছ কৰাৰ ধৰণত কিছু সালসলনি আহিছে ৷
শালিনীয়ে কয়, "ভ্ৰমণ, হোটেল আৰু আতিথ্য বহু হ্ৰাস পালে, ইয়াৰ পৰিৱৰ্তে সকলোৱে অন্য পন্থা বিচাৰি উলিয়াইছে ৷" ক'ভিডে বহু লোকক ব্যক্তিগত বাহন ক্ৰয় কৰিবলৈ বাধ্য কৰিলে ৷
বেংকৰ উপভোক্তাৰ খৰছৰ ধৰণৰ তথ্য বিশ্লেষন কৰা শালিনী ৱেৰিয়ৰে কয় যে, ক'ভিড-19 ৰ ভয়াবহতাৰ পৰা ৰক্ষা পাব পৰা সামগ্ৰীতহে সাধাৰণ লোকে খৰছ কৰিছে ৷
ইটিভি ভাৰতক ৱেৰিয়াৰে কয়, "আমি ক্ৰেতাৰ মাজত দেখা পাইছো যে, তেওঁলোকে সৰু, ব্যৱহৃত আৰু দুচকীয়া বাহন ক্ৰয় কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ ৰাজহুৱা বাহনত যাতায়ত কৰাত শংকা আহি পৰা বাবে তেওঁলোকে এনেদৰে বাহন ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷"