বিজনেছ ডেস্ক,৮ মাৰ্চ :আপুনি ব্যৱহাৰ কৰা হোৱাটছএপত (WhatsApp) বিভিন্ন ধৰণৰ নতুন নতুন সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰথম অৱস্থাৰ পৰা হোৱাটছএপৰ বহুতো পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে । এইবাৰ আন নতুন কেইবাটাও সুবিধা দিবলৈ সাজু হৈছে মেটা মালিকাধীন হোৱাটছএপ । ব্যৱহাৰকাৰীসকলে হোৱাটাছএপত অতিশীঘ্ৰে গ্ৰুপ ভোটদানৰ সুবিধা লাভ কৰিব (WhatsApp may introduce group polling feature soon)।
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, হোৱাটছএপে সোনকালেই Group Chat ত নিৰ্বাচনী প্ৰশ্ন টাইপ কৰিব পৰা সুবিধাৰ প্ৰৱৰ্তন কৰিব । এই সুবিধাটো ইতিমধ্যে টেলিগ্ৰাম আৰু টুইটাৰত উপলব্ধ । বিশেষ সূত্ৰৰ প্ৰতিবেদনত এটা স্ক্ৰীণশ্বটও শ্বেয়াৰ কৰা হৈছে য'ত আই.ও.এছ.(iOS)ত "ক্ৰিয়েট পোল"(Create Poll) সুবিধা প্ৰদৰ্শন কৰা হৈছে ।