নিউজ ডেস্ক, 26 জুনঃ মাজত মাত্ৰ আৰু কেইটামান দিন ৷ তাৰ পিচতেই এন ডি এ চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব 2019-20 বৰ্ষৰ পূৰ্ণাংগ বিত্তীয় বাজেট ৷ 5 জুলাইত দাখিল কৰা হ'ব এই বাজেট ৷ এই বাজেট দাখিলৰ পূৰ্বে উপৰাষ্ট্ৰপতি ভৱনত গৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সাক্ষাৎ কৰে উপৰাষ্ট্ৰপতি ভেংকেয়া নাইডুক ৷
বাজেট 2019ঃ কৃষকৰ হিত সাধনত গুৰুত্ব দিবলৈ উপৰাষ্ট্ৰপতিৰ পৰামৰ্শ - Budget 2019
মাজত মাত্ৰ আৰু কেইটামান দিন ৷ তাৰ পিচতেই এন ডি এ চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব 2019-20 বৰ্ষৰ পূৰ্ণাংগ বিত্তীয় বাজেট ৷ 5 জুলাইত দাখিল কৰা হ'ব এই বাজেট ৷

বাজেট 2019ঃ
লগতে পঢ়কঃ অসম চাহ নিলাম কেন্দ্ৰত চাহৰ বিশেষ বিপণী মুকলি মুখ্যমন্ত্ৰীৰ
উপৰাষ্ট্ৰপতি গৰাকীয়ে বিত্তমন্ত্ৰীক বাজেট সম্পৰ্কে যঠেষ্ট পৰামৰ্শ আগবঢ়োৱাৰ লগতে কৃষি খণ্ডৰ উপৰত গুৰুত্ব প্ৰদান কৰি কৃষকৰ হিতৰ বাবে ব্যৱস্থা ৰাখিবলৈয়ো পৰামৰ্শ আগবঢ়াই ৷ আনহাতে উপৰাষ্ট্ৰপতি ভেংকেয়া নাইডুৱে অন্ধ প্ৰদেশক বিশেষ গুৰুত্ব দিবলৈয়ো আহ্বান জনাই বিত্তমন্ত্ৰী সীতাৰমনক ৷