2022ত বজাৰলৈ আহিব "ফ্লায়িং মটৰবাইক"!
দ্ৰোণ টেকনলজিৰে নিৰ্মাণ কৰা হ'ব "হভাৰ বাইক"
নিউজ ডেস্ক, 28 মাৰ্চঃ আপুনি কল্পনা কৰক মাটি আৰু আকাশ উভয়তে চলিব পৰা এখন মটৰ চাইকেলৰ বিষয়ে ৷ এই কল্পনা এতিয়া বাস্তৱ হোৱাৰ পথত ৷ কিয়নো 2022 চনত এনে মটৰ চাইকেল বিক্ৰীৰ বাবে লক্ষ্যনিৰ্ধাৰণ কৰিছে জাপনৰ এটি উদ্যোগে ৷
টকিঅ'ত অৱস্থিত এ এল আই টেকনলজিচ্ আই এন চি নামৰ কোম্পানীটোৱে নিৰ্ধাৰণ কৰিছে এই লক্ষ্য ৷ সাধাৰণতে দ্ৰোণ নিৰ্মাণ কৰা কোম্পানীটোৰ চি ই অ' গৰাকীয়ে সদৰী কৰে এই কথা ৷ দ্যা জাপান টাইমচ নামৰ জাপানৰ আগশাৰীৰ কাকত খনে প্ৰকাশ কৰা অনুসৰিউৰিব পৰা বাইকখনে আফ্ৰিকাৰ ধনী ৰষ্ট্ৰ, মধ্য প্ৰাচ্য, এচিয়াৰ শোচনীয় ৰাষ্টা থকা দেশ সমূহত "হভাৰ বাইক" নামৰ উৰিব পৰা বাইকখন বিক্ৰী কৰা হ'ব ৷
কোম্পানীটোৰ চি ই অ' চুনেই কমাচ্চুৱে কয় যে, তেওঁলোকে নিৰ্মাণ কৰা হভাৰ বাইকখন দ্ৰোণ প্ৰযুক্তিৰ সংম্ৰিশ্ৰণেৰে নিৰ্মাণকৰা হ'ব ৷ কিন্তু বাইক নিৰ্মাণত কিমান খৰচ পৰিব সেই সম্পৰ্কে পিছতহে জানিব পৰা যাব ৷