দিল্লী, ২৫ এপ্ৰিলঃ চাইনীজ প্ৰতিষ্ঠান বাইটডেঞ্চৰ টিক্-টক এপ'ৰ ওপৰত অন্তৱৰ্তীকালীন নিষেধাজ্ঞা জাৰি হোৱাৰ পিচত প্ৰতিদিনে তিনি কোটি টকা ক্ষতি হৈছে সংস্থাটোৰ । জনপ্ৰিয় সংস্থাটোৰ এই ক্ষতিৰ বাবে এই পৰ্যন্ত ২৫০ গৰাকী লোকে চাকৰি হেৰুৱাইছে ।
অন্ধকাৰত টিক্-টকত কৰ্মৰত ২৫০ গৰাকী কৰ্মীৰ ভবিষ্যত! - etv bharat
নিষেধাজ্ঞাৰ পিচত টিক্-টকৰ প্ৰতিদিনৰ ক্ষতি তিনি কোটি টকা
![অন্ধকাৰত টিক্-টকত কৰ্মৰত ২৫০ গৰাকী কৰ্মীৰ ভবিষ্যত!](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3106657-thumbnail-3x2-tt.jpg)
অন্ধকাৰত টিকটকত কৰ্মৰত ২৫০ গৰাকী কৰ্মীৰ ভবিষ্যত!
উল্লেখ্য যে, কেইদিনমানৰ ভিতৰতে জনপ্ৰিয় হৈ উঠা এপ টিক্-টকৰ বিৰুদ্ধে উত্থাপন হৈছিল পৰ্নগ্ৰাফী আৰু অশ্লীল ভিডিঅ' প্ৰচাৰ কৰাৰ অভিযোগ । এই অভিযোগৰ পিচতে জনস্বাৰ্থজনিত কাৰণত শ্বৰ্ট ভিডিঅ' মোবাইল এপলিকেচন টিক্-টকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ নিৰ্দেশ দিয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে । তাৰ পিচতেই প্লে' ষ্টৰকে আদি সকলো এপ্লিকেচনৰ পৰা আঁতোৰোৱা হয় এই এপটো ।