অসম

assam

ETV Bharat / business

পাকিস্তানক প্ৰদান কৰা এমএফএন মৰ্যাদা প্ৰত্যাহাৰ কৰিব ভাৰতে - আক্ৰমণ

WTO ক জনাব বাণিজ্য মন্ত্ৰণালয়ে

পাকিস্তানক প্ৰদান কৰা এমএফএন -ৰ মৰ্য্যদা উঠাই লব ভাৰতে

By

Published : Feb 15, 2019, 9:05 PM IST

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰীঃ পাকিস্তানক প্ৰদান কৰা এমএফএন -ৰ মৰ্যাদা প্ৰত্যাহাৰ কৰিব ভাৰতে। বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে ভাৰতীয় নিৰাপত্তা বাহিনীৰ ওপৰত কৰা আক্ৰমণৰ বাবে ভাৰতে এই সিদ্ধান্ত লয়। এই সম্পৰ্কে ভাৰতৰ বাণিজ্য মন্ত্ৰণালয়ে বিশ্ব বাণিজ্য সংস্থাক অৱগত কৰিব। ভাৰতৰ বিত্তমন্ত্ৰী অৰুণ জেট্লিয়ে এই সম্পৰ্কে জনিবলৈ দিয়ে।

পাকিস্তানক প্ৰদান কৰা এমএফএন -ৰ মৰ্য্যদা উঠাই লব ভাৰতে
পাকিস্তানৰ পৰা মষ্ট ফেভাৰিট নেচন -ৰ মৰ্য্যদা কৰ্ত্তন কৰাৰ ফলত পাকিস্তানৰ পৰা ভাৰতলৈ আমদানি হ'বলগীয়া সামগ্ৰী সমূহত অত্যাধিক সীমা শুল্ক আৰোপ কৰিব পাৰিব। যাৰ ফলশ্ৰুতিত পাকিস্তানৰ বানিজ্যিক ক্ষেত্ৰখনে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব। উল্লেখ্য যে ভাৰতে পাকিস্তানক ১৯৬৬ চনত এই মৰ্যাদা প্ৰদান কৰিছিল।

ABOUT THE AUTHOR

...view details