অসম

assam

ETV Bharat / business

বাজেট 2019 : কৃষি ক্ষেত্ৰৰ সমস্যাৰ বাবে স্থায়ী সমাধানৰ প্ৰয়োজন - farmer

5 জুলাইত দাখিল কৰা হ'ব দ্বিতীয়বাৰলৈ শাসনলৈ অহা মোডী চৰকাৰৰ প্ৰথমখন বাজেট ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব এই বাজেট ৷ কৃষি খণ্ডক অগ্ৰাধিকাৰ দিব বুলি আশাবাদী কৃষিৰ লগত জৰিত লোকসকল ৷

বাজেট 2019 : কৃষি ক্ষেত্ৰৰ সমস্যাৰ বাবে স্থায়ী সমাধানৰ প্ৰয়োজন

By

Published : Jul 1, 2019, 11:40 PM IST

নিউজ ডেস্ক, 1 জুলাইঃ কেন্দ্ৰীয় চৰকাৰ সাজু হৈ উঠিছে প্ৰথমখন বিত্তীয় বাজেট দাখিলৰ বাবে ৷ দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত মুখ্য ভুমিকা লোৱা কৃষি খণ্ডৰ ওপৰত এই বাজেটে কি আগবঢ়াব ইয়াকে লৈ জনসাধাৰণ অধিক উৎসুক হৈ আছে , কিয়নো ভাৰতৰ কোটি কোটি লোক জৰিত হৈ আছে কৃষি খণ্ডৰ লগত ৷

কঠিন প্ৰত্যাহ্বানঃ
বাজেটত কৃষি ক্ষেত্ৰৰ আৱণ্টনৰ বাবে এই ক্ষেত্ৰখনৰ জটিলতা সম্পৰ্কে জানিলোৱাটো প্ৰয়োজন ৷ এফালে ঘৰুৱা চাহিদা বৃদ্ধি আনফালে আন্তৰাষ্ট্ৰীয় বজাৰত চাহিদাৰ অৱনতি, যাৰ ফলত কৃষিৰ লগত জৰিত পণ্যবজাৰত লোকচানৰ সন্মূখীন হৈ আহিছে ৷ ইয়াৰ লগতে বাস্তৱ ক্ষেত্ৰত কৃষকৰ মজুৰি, অস্থিৰ দাম, নূণ্যতম সমৰ্থন মূল্য আদিয়েও কৃষিখণ্ডক ভাৰাক্ৰান্ত কৰি ৰাখিছে ৷

স্থায়ী সমস্যাৰ প্ৰয়োজনঃ

ওপৰৰ চৰ্চিত সমস্যাসমূহৰ কেতবোৰ আন্তঃগাঠনিৰ লগত জৰিত আৰু আন কেতবোৰ সংস্থাগত ৷ সেয়ে এই বিষয় সমূহৰ সমস্যাৰ বাবে চৰকাৰৰ নীতিগত হস্তক্ষেপ আৰু এক সু পৰিকল্পনাৰ প্ৰয়োজন যিয়ে দেশৰ কৃষি খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিব পাৰে ৷

সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে, কৃষিক্ষেত্ৰত উন্নয়ন সাধিবলৈ কৃষক সকলৰ আৰ্থিক দিশৰ পৰা আদি কৰি কৃষি প্ৰদ্ধতি লৈকে সকলো উন্নত কৰিব লাগিব ৷ যাৰ ফলত কৃষি ক্ষেত্ৰখন বুনিয়াদী স্তৰৰ পৰাই উন্নত হ'ব ৷ ইয়াৰ বাবে প্ৰয়োজন হ'ব এক বৃহৎ পুজি আৱণ্টনৰ ৷ লগতে কৃষি বজাৰৰ শুধৰণি কৰাৰ বাবে মূল্যবৃদ্ধি ৰোধত গুৰুত্ব দিব লাগিব ৷ আনহাতে কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী সমূহে যাতে উচিত মূল্য পাই তাত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰো সহযোগীতাৰ প্ৰয়োজন আছে ৷

ABOUT THE AUTHOR

...view details