যোৰহাট, ১৫ ডিচেম্বৰঃ ঘৰুৱা হিংসা অথবা সমাজৰ দ্বাৰা অৱহেলিত নাৰী সকলক স্বাৱলম্বী কৰিবলৈ এক পদক্ষেপ হাতত লৈছিল যোৰহাটৰ এগৰাকী উদ্যমী মহিলাই। এই উদ্যেশ্ৰেৰে জয়শ্ৰী বৰা নামৰ মহিলাগৰাকীয়ে প্ৰতিষ্ঠা কৰিছিল "ৰেঙনি,-এক মঞ্চ নাৰীৰ দ্বাৰা পৰিচালিত নাৰীৰ বাবে" শীৰ্ষক স্বেচ্ছাসেৱী সংগঠন।
মহিলাৰ স্বৱলম্বিতাৰ বাবে বিশেষ পদক্ষেপ - বানিজ্যিক ভিত্তিত ফুলৰ খেতি
স্বাৱলম্বী হৈছে গৰাকীৰো অধিক মহিলা
সমাজৰ দ্বাৰা অৱহেলিত নাৰী সকলক স্বাৱলম্বীতাৰ বাবে সংগঠন
এই সংগঠনে বানিজ্যিক ভিত্তিত ফুলৰ খেতি কৰাৰ লগতে লাদাডাং নামৰ বিশেষ হালধিৰ খেতিত মনোনিবেশ কৰি স্বাৱলম্বী হৈ আছে ৩০ গৰাকীৰো অধিক নাৰী। উল্লেখ্য যে, দূৰাৰোগ্য ৰোগ নিৰাময়ৰ বাবে বিখ্যাত লাদাডাং নামৰ হালধিৰ বিধৰ বজাৰৰ মূল্য বহু বেছি।