নতুন দিল্লীঃ উচ্চতম ন্য়ায়ালয়ে 13 জানুৱাৰী পৰ্যন্ত স্থগিত ৰাখে ৰতন টাটা আৰু টাটা চনৰ আন সদস্য সকলৰ বিৰুদ্ধে উদ্যোগপতি নুচিল ৱাডিয়াই তৰা মানহানি গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ৷ মুম্বাইৰ নিম্ন আদালতত মানহানিৰ গোচৰ তৰিছিল উদ্যোগপতি নুচিল ৱাডিয়াই ৷ ভাৰতৰ মুখ্য ন্যায়াধীশ এচ এ ব'বদেৰৰ অধ্যক্ষতাত গঠিত বিচাৰপীঠে দুয়োপক্ষকে আলোচনাৰ মাজেৰে বিবাদটো মীমাংসা কৰাবলৈ পৰামৰ্শ দিয়ে ৷ লগতে বোম্বে নিম্ন আদালতৰ এই কথাটোত গুৰুত্ব দিয়ে যে,টাটাই ৱাডিয়াৰ সন্মান হানিৰ কোনো উদ্দেশ্য নাছিল ৷
ৰটন টাটাৰ বিৰুদ্ধে মানহানিৰ গোচৰ স্থগিত উচ্চতম ন্যায়ালয়ৰ - টাটা চন বৰ্ডৰ সদস্যৰ বিৰুদ্ধে মানহানিৰ গোচৰ
বিগত বৰ্ষত ৰটন টাটা আৰু টাটা চন বৰ্ডৰ সদস্যৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল উদ্যোগপতি নুচিল ৱাডিয়াই ৷ আলোচনাৰ মাজেৰে বিবাদটো মীমাংসা কৰাবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ ৷
![ৰটন টাটাৰ বিৰুদ্ধে মানহানিৰ গোচৰ স্থগিত উচ্চতম ন্যায়ালয়ৰ SC adjourns defamation suit against Ratan Tata](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5611891-132-5611891-1578311410101.jpg)
SC adjourns defamation suit against Ratan Tata
বিগত বৰ্ষত ৰতন টাটা আৰু টাটা চনৰ আন সদস্য সকলৰ বিৰুদ্ধে বোম্বে উচ্চ ন্যায়ালয়ৰ নিম্ন আদালতত উদ্যোগপতি নুচিল ৱাডিয়াই এক পিআইএল দাখিল কৰিছিল আৰু এই য়াচিকা উক্ত আদালতে খাৰিজ কৰিছিল ৷ ৱাডিয়াই দণ্ডাধীশৰ আদালতত কয় যে 2016 চনৰ 24 অক্টোবৰত চাৰজাই মিস্ত্ৰিক বৰ্খাস্ত কৰাৰ পিচত টাটা গ্ৰুপে ৱাডিয়াৰ মানহানিৰ চেষ্টা কৰিছিল ৷
লগতে চাওকঃসোমবাৰৰ পৰা পুনৰ পাঠদান আৰম্ভ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ