অসম

assam

ETV Bharat / business

সাধাৰণ জনতাক মাধমাৰ শোধাই অত্যাৱশ্যকীয় সামগ্ৰীত 18 শতাংশ জিএছটিৰ প্ৰস্তাৱ - কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব লীনা নন্দন

কেন্দ্ৰীয় চৰকাৰে পুনৰ এবাৰ সাধাৰণ জনতাৰ মুৰত মাধমাৰ শোধাবলৈ আগবাঢ়িছে ৷ মহামাৰীৰ সময়ত চৰকাৰে এইবাৰ একমাত্ৰ বিত্তীয় লাভৰ বাবেই মাস্ক আৰু ছেনিটাইজাৰক অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা বাতিল কৰি ইয়াৰ ওপৰত অতিৰিক্ত 18 শতাংশ সেৱা আৰু সামগ্ৰী কৰ জাপি দিবলৈ আগবাঢ়িছে ৷

অত্যাৱশ্যকীয় সামগ্ৰীত 18 শতাংশ জিএছটিৰ প্ৰস্তাৱ
অত্যাৱশ্যকীয় সামগ্ৰীত 18 শতাংশ জিএছটিৰ প্ৰস্তাৱ

By

Published : Jul 17, 2020, 5:04 AM IST

নিউজ ডেস্ক, 17 জুলাই : ৰাইজৰ মুৰত পুনৰ এবাৰ মাধমাৰ শোধাবলৈ সাজু হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ ৷ সমগ্ৰ বিশ্বই কোভিড-19ৰ দৰে মহামাৰীৰ সৈতে যুঁজি থকাৰ সময়তে, ভাৰত চৰকাৰে একমাত্ৰ বিত্তীয় লাভৰ বাবে এইদৰে জনতাৰ মুৰত শোধাবলৈ লৈছে মাধমাৰ ৷কোভিড-19 মহামাৰীৰ সময়ত অতিকে অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে পৰিগণিত হৈছিল ফেচ মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ ৷ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াৰ ব্যৱহাৰ আৱশ্যকীয় ঘোষণা কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাই ৷এনে অৱস্থাত কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে ফেচ মাস্ক আৰু হেণ্ড ছেনিটাইজাৰক অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে ঘোষণা কৰিছিল, যাতে ধনী-দুখীয়া নিৰ্বিশেষে সাধাৰণ জনতাৰ বাবে এই দুয়োবিধ সামগ্ৰী সহজে উপলব্ধ হয় ৷

কিন্তু কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ এই ঘোষণা আছিল মাত্ৰ 100 দিনৰ বাবে আৰু বিগত 30 জুনত এই সময়সীমাৰ অন্ত পৰে ৷ যাৰ পিচতেই কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে বুধবাৰে বিভিন্ন ৰাসায়নিক সামগ্ৰী, পেকিং মেটেৰিয়েলছ আৰু ইনপুট চাৰ্ভিছৰ লগতে হেণ্ড ছেনিটাইজাৰক সাধাৰণ চাবোন আৰু বেক্টেৰিয়া প্ৰতিৰোধী জুলীয়া পদাৰ্থৰ দৰেই একেই বুলি উল্লেখ কৰে ৷ আৰু ইয়াৰ পিচতেই হেণ্ড ছেনিটাইজাৰৰ ওপৰত অতিৰিক্ত 18 শতাংশ সামগ্ৰী আৰু সেৱা কৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৷

হেণ্ড ছেনিটাইজাৰৰ ওপৰত আৰোপ কৰা জিএছটিৰ অতিৰিক্ত কৰৰ সপক্ষে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে যুক্তি আগবঢ়াই ইয়ে "আত্মনিৰ্ভৰ ভাৰত" নীতিৰ ওপৰত নকাৰাত্মক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে ৷ দৰাচলতে হেণ্ড ছেনিটাইজাৰৰ ওপৰত থকা সামগ্ৰী আৰু সেৱা কৰৰ হাৰ হ্ৰাস কৰি দিলে দেশৰ ঘৰুৱা উৎপাদকসকলে অধিক লোকচানৰ সন্মুখীন হ'ব ৷ হেণ্ড ছেনিটাইজাৰৰ মূল্য নিম্নগামীহোৱাৰ বিপৰীতে ইয়াক প্ৰস্তুত কৰা সামগ্ৰীৰ অধিক কৰে এইদৰে উৎপাদকসকলক প্ৰভাৱিত কৰিব বুলি উল্লেখ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৷ যাৰ বাবে অধিক হাৰত কেঁচা সামগ্ৰী ক্ৰয় কৰি হেণ্ড ছেনিটাইজাৰ উৎপাদন কৰা উৎপাদকসকল লোকচানৰ সন্মুখীন হ'ব ৷

শেহতীয়াকৈ গোৱাস্থিত Authority for Advance Rulingএ এলকহলযুক্ত হেণ্ড ছেনিটাইজাৰে 18 শতাংশ জিএছটি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব বুলি নিৰ্দেশনা দিছিল ৷ যদিও গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে হেণ্ড ছেনিটাইজাৰক অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে ঘোষণা কৰিছিল, জিএছটি আইনে এইক্ষেত্ৰত এক পৃথকে ইয়াৰ বাবে পৃথকে এখন সামগ্ৰীৰ সূচী ৰাখিছে ৷

ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে ফেচ মাস্ক আৰু হেণ্ড ছেনিটাইজাৰক অত্যাৱশ্যীয় সামগ্ৰীৰ সূচীৰ পৰা আঁতৰাই দিছে ৷ বিগত 7 জুলাইত কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব লীনা নন্দনে এই কথা প্ৰকাশ কৰিছিল ৷ দেশত ফেচ মাস্ক আৰু হেণ্ড ছেনিটাইজাৰৰ যোগান যথেষ্ট আছে আৰু ইয়াৰ বাবেই অত্যাৱশ্যকীয় সামগ্ৰী আইন, 1955ৰ এক পুনৰীক্ষণ কৰি বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ পূৰ্বেই বিগত 13 মাৰ্চত কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ফেচ মাস্ক আৰু হেণ্ড ছেনিটাইজাৰৰ যোগান বঢ়াবলৈ আগন্তুক 100 দিনৰ বাবে দুয়োবিধ সামগ্ৰীকে অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে ঘোষণা কৰিছিল ৷

কিন্তু সাধাৰণ জনতাৰ প্ৰতি পিঠি দি এইদৰে একপক্ষীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই দেশৰ এচাম লোকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাটো নিশ্চিত ৷ কিয়নো এই মহামাৰীৰ সময়ত হেণ্ড ছেনিটাইজাৰ আৰু ফেচ মাস্কৰ ব্যৱহাৰ সকলোৰে বাবে অত্যাৱশ্যকীয় হৈ পৰিছে ৷ এনে অৱস্থাত মহামাৰী প্ৰতিৰোধৰ প্ৰাথমিক দুয়োবিধ সামগ্ৰীৰ ওপৰত অতিৰিক্ত জিএছটি আৰোপ কৰিলে ইয়াৰ মূল্যবৃদ্ধি হোৱাটো নিশ্চিত ৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বিপৰীতে যি যুক্তিয়ে প্ৰদান নকৰক কিয়, ইয়াৰ কুফল ভোগ কৰিব একমাত্ৰ সাধাৰণ জনতাই ৷

লগতে পঢ়কঃঅত্যাৱশ্যকীয় নোহোৱা সামগ্ৰীৰ বিক্ৰীত বাধা চৰকাৰৰ

ABOUT THE AUTHOR

...view details