সুৰেশ প্ৰভুৰ সৈতে আমেৰিকাৰ বাণিজ্য সচিবৰ বৈঠক - business news
ই-কমাৰ্চৰ নীতি আৰু বৈশিষ্ট্য আৰু ঘৰুৱা ক্ষেত্ৰখনত বিদেশী বিনিয়োগকাৰীৰ প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰিব দুয়োগৰাকীয়ে । লগতে ৰুচে বিত্তমন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ কৰাৰ পাচত কয় যে তেওঁ ই-কৰ্মাচত প্ৰত্যক্ষ বিদেশী বিনিয়োগ সন্দৰ্ভত সুৰেশ প্ৰভুৰ সৈতে আলোচনা কৰিব ।
নিউজ ডেক্স,৭ মে' : ই-কৰ্মাচ নীতি সন্দৰ্ভত সোমবাৰে আলোচনাত বহিব আমেৰিকা যুক্তৰাষ্ট্ৰ বাণিজ্য সচিব উইলবাৰ ৰুচ আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী সুৰেশ প্ৰভু । ই-কমাৰ্চৰ নীতি আৰু বৈশিষ্ট্য আৰু ঘৰুৱা ক্ষেত্ৰখনত বিদেশী বিনিয়োগকাৰীৰ প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰিব দুয়োগৰাকীয়ে । লগতে ৰুচে বিত্তমন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ কৰাৰ পাচত কয় যে তেওঁ ই-কৰ্মাচত প্ৰত্যক্ষ বিদেশী বিনিয়োগ সন্দৰ্ভত সুৰেশ প্ৰভুৰ সৈতে আলোচনা কৰিব । উল্লেখ্য যে, আমেৰিকাৰ বাণিজ্য বিভাগৰ দ্বাৰা আয়োজিত ১১ সংখ্যক ট্ৰেড উইণ্ডস বিজনেছ্ ফৰামত অংশগ্ৰহণৰ বাবেই উইলবাৰ ৰুচ ভাৰতলৈ আহিছে ।