নিউজ ডেস্ক, 2 এপ্ৰিলঃ ৰাজ্যৰ মালিকানাধীন প্ৰতিষ্ঠান আৰ আই এন এল- য়ে প্ৰধান মন্ত্ৰীয়ে কৰ'ণা ভাইৰাচৰ বাবে গঠন কৰা সাহায্য পুঁজিলৈ 6.16 কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে । ইতিমধ্যেই এই ধনৰাশিৰ 1.16 কটি টকা প্ৰদান কৰিছে প্ৰতিস্থানটোৱে । এই কথা জানিবলৈ দিলে ৰাষ্ট্ৰীয় ইচ্পাট নিগন লিমিটেড চমুকৈ আৰ আই এন এল ৰ পৰিচালন সঞ্চালক পি কে ৰথে ।
আৰ আই এন এল-য়ে 6.16 কোটি টকা দিব প্ৰধান মন্ত্ৰী সাহায্য পুঁজিলৈ - কৰ'ণা ভাইৰাচ
মহামাৰী কৰ'ণা ভাইৰাচে সমগ্ৰ বিশ্বৰ লগতে ভাৰতত সংহাৰী ৰূপ লবলৈ আৰম্ভ কৰিছে। এই ভাইৰাচৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ প্ৰধান মন্ত্ৰীয়ে মুকলি কৰা সাহায্য পুঁজিলৈ আৰ আই এন এল (RINL)-য়ে 6.16 কোটি টকা আগবঢ়োৱাৰ কথা ঘোষাণা কৰে ।
আৰ আই এন এল-য়ে 6.16 কোটি টকা দিব প্ৰধান মন্ত্ৰী সাহায্য পুঁজিলৈ
প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি তেওঁলোকৰ অধিকাংশ লোকেই ইতিমধ্যে ঘৰৰ পৰা কাম কৰি আছে আৰু যি সকল আহিছে তেওঁলোকক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা গ্ৰহন কৰিছে ।
লগতে অন্ধ্ৰৰ বিশাখাপট্টনমত অৱস্থিত প্ৰতিষ্ঠানটোৰ কাষত থকা দৰিদ্ৰ লোক সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াইছে ।