নিউজ ডেস্ক, ১২ মে' :দেশব্যাপী চলি থকা লকডাউনৰ মাজতে ৰাজহুৱা খণ্ডৰ বেংকসমূহে দুমাহৰ ভিতৰত ৫.৯৫ লাখ কোটিৰ ঋণ মুকলি কৰি দিছে । এমএছএমই, কৃষিখণ্ড আৰু কৰ্পৰেটখণ্ডলৈ এই ধনৰাশি মুকলি কৰি দিয়া হৈছে । ইয়াৰ উপৰিও ১ মাৰ্চৰ পৰা ৮ মে'ৰ ভিতৰত নন-বেংকিং বিত্তীয় কোম্পানীসমূহলৈয়ো ১.১৮ লাখ কোটিৰ ঋণ মুকলি কৰি দিছে ৰাজহুৱা খণ্ডৰ বেংকসমূহে ।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে এক টুইটযোগে "১ মাৰ্চৰ পৰা ৮ মে'ৰ ভিতৰত ৰাজহুৱা খণ্ডৰ বেংকসমূহে এমএছএমই, ৰিটেইল, কৃষি আৰু কৰ্পৰেটখণ্ডৰ ৪৬.৭৪ লাখ একাউন্টক ৫.৯৫ লাখ কোটিৰ ঋণ প্ৰদান কৰিছে । ইয়াৰ উপৰিও এনবিএফচিক ১.১৮ লাখ কোটিৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে" বুলি উল্লেখ কৰিছে ।