নিউজ ডেস্ক, 4 নৱেম্বৰ: ASEANৰ শীৰ্ষ সন্মিলনত উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বেংককত শীৰ্ষ নেতাসকলৰ সৈতে পৃথকে পৃথকে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সময়তে মাণ্ডলিক সহযোগিতা শীৰ্ষক অৰ্থনৈতিক মিত্ৰতা (RCEP) সম্পন্ন কৰাৰ বাবে দেশৰ শীৰ্ষ আমোলাসকলে অংশীদাৰী দেশসমূহৰ সৈতে বুজাবুজি চূড়ান্ত কৰাৰ প্ৰক্ৰিয়াত ব্যস্ত হৈ পৰিছে ৷ দক্ষিণ চীনৰ সংবাদ প্ৰতিষ্ঠানত প্ৰকাশিত বাতৰি মতে,মাণ্ডলিক অৰ্থনৈতিক মিত্ৰতা সম্পৰ্কত ভাৰতে উত্থাপন কৰা বিভিন্ন নতুন দাবী লৈ বিষয়া পৰ্যায়ত আলোচনা ক্ষীপ্ৰতৰ কৰি তুলিছে ৷
ASEANৰ দহ সদস্য ৰাষ্ট্ৰ আৰু মুক্ত বাণিজ্য চুক্তিত সন্মতি প্ৰদান কৰা 6 সহযোগী ৰাষ্ট্ৰ ক্ৰমে ভাৰত,চীন,জাপান,দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়াআৰু নিউজিলেণ্ডৰ মাজৰ প্ৰস্তাৱিত মুক্ত বাণিজ্য সম্পৰ্কত উদ্ভাৱিত প্ৰতিশ্ৰুতি বিশ্বৰ সৰ্ববৃহৎ মাণ্ডলিক বাণিজ্যিক ক্ষেত্ৰ হিচাপে পৰিগণিত হ'বলৈ ওলাইছে ৷ মাণ্ডলিক অৰ্থনৈতিক সহযোগিতা ক্ষেত্ৰখনৰ এই 16 ৰাষ্ট্ৰৰ সন্মিলিত প্ৰচেষ্টা বিশ্বৰ তৃতীয় বৃহৎ ঘৰুৱা উৎপাদকৰ গোট হিচাপে পৰিগণিত হোৱাৰ লগতে ই বিশ্বৰ প্ৰায় অৰ্ধাংশ জনসংখ্যাক সামৰি লোৱাৰ লগতে ট্ৰিলিয়ন ডলাৰৰ হিচাপত বাণিজ্যক সামৰি ল'ব ৷
দক্ষিণ-পূৱ এছিয়াৰ নেতাসকলক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাণ্ডলিক সহযোগিতাৰ বিষয়টোক উল্লেখ নকৰাকৈয়ে আঁৰত আৰু ASEAN দেশসমূহৰ মাজত চলি থকা বাণিজ্যিক চুক্তি পৰ্যালোচনা কৰাৰ আৱশ্যকতা আছে বুলি দোহাৰে ৷ প্ৰধানমন্ত্ৰীয়ে কয়, "ইয়ে কেৱল আমাৰ অৰ্থনৈতিক সম্পৰ্কক সূদৃঢ় কৰাই নহয় বৰং আমাৰ মাজত বাণিজ্যৰ ভাৰসাম্যতাও বৃদ্ধি কৰিব ৷ ASEAN দেশ আৰু ভাৰতৰ মাজৰ বাণিজ্যিক লেন-দেনৰ ক্ষেত্ৰত দুই বিলিয়ন মানুহক সামৰি লৈছে আৰু ই বিশ্বৰ ঘৰুৱা উৎপাদনত 5.5 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অধিক হ'ব ৷"