নতুন দিল্লী, 23 জুনঃ বাস্তৱত পৰিণত হোৱাৰ দিশে মোডীৰ সপোনৰ ডিজিটেল ইণ্ডিয়া ৷ তাকেই যেন প্ৰমাণ কৰিলে অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা ভাৰতীয় ডিজিটেল প্যেমেণ্ট এপ 'PhonePe'য়ে ৷ দেশৰ ভিতৰতে সৰ্বাধিক ডাউনলোড হোৱাৰ এপৰ ক্ষেত্ৰত দ্বিতীয় স্থান দখল কৰিছে'Unified Payments Interface (UPI)- based'এপটোৱে ৷ দেওবাৰে এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ৷ সমীক্ষাত সৰ্বাধিক ডাউনলোড হোৱা এপৰ ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিছে গুগুল প্যেয়ে ৷
মোডীৰ ডিজিটেল ইণ্ডিয়াক সফল কৰাৰ দিশে 'PhonePe'
ফাইনেঞ্চ এপ ডাউনলোডৰ ক্ষেত্ৰত দ্বিতীয় স্থানত 'PhonePe'
মোডীৰ ডিজিটেল ইণ্ডিয়াক সফল কৰাৰ দিশে 'PhonePe'
নেশ্বনেল প্যেমেণ্টছৰ কৰ্পোৰেচন অফ ইণ্ডিয়া (NPCI)-ৰ অধীনত UPI-ৰ মাধ্যমেৰে নিৰ্মাণ কৰা হৈছে এই এপটো ৷ 2018 বৰ্ষৰ মে' মাহত সৰ্বাধিক 4.7 মিলিয়ন ডাউনলোড হোৱা বুলি চেনচৰ টাৱাৰৰ এক ব্লগত প্ৰকাশ পাইছে এই তথ্য ৷ এই পৰ্যন্ত গুগল প্লে ষ্টোৰৰ পৰা 10 কোটিতকৈও অধিক বাৰ UPI-ৰ জড়িয়তে PhonePe ইঞ্চষ্টল কৰা হৈছে ৷