নিউজ ডেস্ক, 2 জুলাই: ডিজিটেল ইণ্ডিয়াৰ ছয় বৰ্ষপূৰ্তি উদযাপন কৰাৰ উদ্দেশ্যে ডিজিটেল পেমেন্ট ফাৰ্ম Paytmএ গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ বাবে এক কেছবেক কাৰ্যসূচী ঘোষণা কৰি 50 কোটি টকা ধাৰ্য কৰিছে ৷ এই অফাৰৰ অধীনত Paytmএ এপটোৰ জড়িয়তে কৰা প্ৰতিটো লেনদেনৰ বাবদ ভাৰতৰ ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ বাবে কেছবেক ঘোষণা কৰিছে ৷
জানিব পৰা মতে, কৰ্ণাটক, কেৰালা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত বিশেষ অভিযানৰ লগতে সমগ্ৰ দেশৰ 200 খন জিলাত এই কাৰ্যসূচী আৰম্ভ কৰা হ'ব ৷ ডিজিটেল পেমেন্ট ফাৰ্মখনে কয় যে, Paytm ৰ এক অংশ হৈ ডিজিটেল পৰিশোধ পদ্ধতি গ্ৰহণ কৰি সমগ্ৰ দেশৰ ব্যৱসায়ীসকলে এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷
Paytmৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বিজয় শেখৰ শৰ্মাই কয় যে, "ডিজিটেল ইণ্ডিয়াক সফল কৰি তোলা ভাৰতৰ বিকাশৰ কেন্দ্ৰবিন্দু শীৰ্ষ ব্যৱসায়ীসকলক স্বীকৃতি দিয়াৰ বাবে Paytmৰ গেৰাণ্টিযুক্ত কেছবেক অফাৰৰ এই অভিযান আৰম্ভ কৰা হৈছে ৷ উল্লেখ্য যে, যোগ্য ব্যৱসায়ীসকলৰ বাবে Paytm for business appৰ জড়িয়তে 50 শতাংশ ৰেহাই মূল্যত লেনদেনৰ স্থিতিৰ বিষয়ে অৱগত কৰা এটা অডিঅ' ডিভাইচো কোম্পানীটোৱে অফাৰ কৰিছে ৷