নতুন দিল্লীঃ ঘৰুৱা যাত্ৰীবাহী বাহনৰ বিক্ৰী হ্ৰাস পালে ডিচেম্বৰত ৷ 1.24 শতাংশ হ্ৰাসেৰে 2,35,786 গোট বিক্ৰী হ'ল 2019 বৰ্ষৰ অন্তিমটো মাহত ৷ ইয়াৰ পৰিবৰ্তে 2018 চনৰ ডিচেম্বৰত ঘৰুৱা যাত্ৰীবাহী বাহন বিক্ৰীৰ পৰিমান আছিল 2,38,753 গোট ৷
ইপিনে, ঘৰুৱা বাহন বিক্ৰীৰ পৰিমান 8.4 শতাংশ হ্ৰাস পাইছে ডিচেম্বৰ মাহত ৷ 2018 বৰ্ষৰ ডিচেম্বৰত 1,55,159 গোট বিক্ৰী হোৱাৰ বিপৰীতে 2019 বৰ্ষৰ ডিচেম্বৰত বিক্ৰী হ'ল মাত্ৰ 1,42,126 গোট ৷ এই তথ্য প্ৰকাশ কৰে ভাৰতীয় অটোমবাইল নিৰ্মাণ ছ'চাইটি (SIAM) নামৰ এটি সংস্থাই ৷