মুম্বাই, ২১ মে': বিভিন্ন ৰাষ্ট্ৰীয় সংবাদমাধ্যমত সম্প্ৰচাৰিত হোৱা এগজিট প’লৰ প্ৰকাশৰ পিচতে ইয়াৰ প্ৰভাৱ দেখা গ'ল শ্বেয়াৰ মাৰ্কেটত । সোমবাৰে শ্বেয়াৰ মাৰ্কেট ছেনছেক্স ১৪২১ পইন্টৰ পৰা ৩৯৩৫২ লৈ বৃদ্ধি পোৱা পৰিলক্ষিত হয় । কেৱল এয়াই নহয়, এগজিট প’লত মোডী চৰকাৰ পুনৰ শাসনৰ গাদী দখল কৰিব বুলি প্ৰকাশ পোৱাৰ পাচতে ইউ এছ ড’লাৰৰ তুলনাত টকাৰ মূল্যও বৃদ্ধি হয় ।
এগজিট প’লৰ সম্প্ৰচাৰ পাছত হঠাৎ শ্বেয়াৰ মাৰ্কেটৰ উত্থান - etv bharat
শ্বেয়াৰ মাৰ্কেটৰ এই উত্থানৰ বাবে লাভাৱান্বিত হৈছে কেইবাটাও প্ৰতিষ্ঠান
এগজিট প’লৰ সম্প্ৰচাৰ পাছত হঠাৎ শ্বেয়াৰ মাৰ্কেটৰ উত্থান
সোমবাৰে ভাৰতীয় টকাৰ মূল্য ১ ড’লাৰৰ বিপৰীতে ৬৯.৬০ টকা হয় । এগজিট প’লৰ ফলাফলেই এই উত্থানৰ মূল কাৰণ বুলি প্ৰকাশ কৰে শ্বেয়াৰ মাৰ্কেটৰ বিশেষজ্ঞ সঞ্জীৱ ছাভাৰৱালাই ।
আনহাতে, শ্বেয়াৰ মাৰ্কেটৰ এই উত্থানৰ বাবে লাভাৱান্বিত হৈছে আদানী এণ্টাৰপ্ৰাইজ, ইণ্ডিয়ান টেলিফোন ইণ্ডাষ্ট্ৰিছ, আদানী গ্ৰীণ এণ্ড ইণ্ডিয়া বুলছ ৰিয়েলষ্টেট আদি কোম্পানীসমূহ ।