অসম

assam

ETV Bharat / business

ঋণ নাপালে বেংকৰ ওপৰত গোচৰ তৰিব পাৰিব মাইক্ৰ', স্মল আৰু মিডিয়াম খণ্ডৰ উদ্যোগে : বিত্তমন্ত্ৰী

শেহতীয়া বাজেটত উল্লেখ কৰা ধৰণে এতিয়াৰে পৰা মাইক্ৰ', স্মল আৰু মিডিয়াম খণ্ডৰ উদ্যোগে বেংকৰ পৰা ঋণ নাপালে অভিযোগ দাখিল কৰিব পাৰিব ৷ ইতিমধ্যে এই বিষয়ে বিশেষ কেন্দ্ৰ শীঘ্ৰেই গঠন কৰিব বিত্ত মন্ত্ৰালয়ে ৷

MSMEs can complain if banks deny loan without reason: FM
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

By

Published : Feb 8, 2020, 7:09 PM IST

নিউজ ডেস্ক, 8 ফেব্ৰুৱাৰীঃ দেশৰ মাইক্ৰ', স্মল আৰু মিডিয়াম খণ্ডৰ এন্টাৰপ্ৰাইজসমূহে বিনা কাৰণত বেংকে ঋণ অগ্ৰাহ্য কৰিলে গোচৰ তৰিব পাৰিব ৷ চেন্নাই শনিবাৰে এই কথা ঘোষণা কৰে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ ইয়াৰ বাবে ইতিমধ্যে বিত্ত মন্ত্ৰালয়ৰ অধীনত বিশেষ কেন্দ্ৰ গঠন কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ তেওঁ লগতে কয় যে, এই বিষয়ে অভিযোগৰ এটা প্ৰতিলিপি বেংকৰ মেনেজাৰেও লাভ কৰিব ৷ চেন্নাইত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে কয় যে, আগতে বেংকৰ বাবে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠাৰ নামত বিভিন্ন লোকে ফোনযোগেই ঋণ বিছাৰিছিল ৷ কিন্তু তাক ঠিক কৰোতে আমাৰ চাৰিবছৰলৈ সময় লাগিছিল ৷ ইয়াক লাঘৱ কৰিবলৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details