অসম

assam

By

Published : Apr 23, 2020, 4:00 PM IST

ETV Bharat / business

নতুন মৌদ্ৰিক,আৰ্থিক উদ্দীপনা মূলক ব্যৱস্থাৰ প্ৰস্তুতিঃ প্ৰধান অৰ্থনৈতিক উপদেষ্টা

ভাৰতৰ প্ৰধান অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সন্যালে কয় যে,আৰ বি আইয়ে পূৰ্বতেই উদ্দীপনা মূলক পেকেজৰ বিষয়ে ঘোষণা কৰিছে আৰু গৱৰ্ণৰ শক্তিকান্ত দাসে প্ৰয়োজন সাপেক্ষে ভৱিষ্যতেও ব্যৱস্থা লোৱা হ'ব বুলি ইংগিত প্ৰদান কৰিছে ।

নতুন  মৌদ্ৰিক, আৰ্থিক উদ্দীপনা মূলক ব্যৱস্থাৰ প্ৰস্তুতিঃ প্ৰধান অৰ্থনৈতিক উপদেষ্টা
নতুন মৌদ্ৰিক, আৰ্থিক উদ্দীপনা মূলক ব্যৱস্থাৰ প্ৰস্তুতিঃ প্ৰধান অৰ্থনৈতিক উপদেষ্টা

নতুন দিল্লী, 23 এপ্ৰিলঃ প্ৰধান অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সন্যালে কয় যে,কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতত লক ডাউন জাৰি কৰাটো প্ৰয়োজনীয় আছিল । কিন্তু এই লক ডাউনৰ ফলত দেশৰ অৰ্থনীতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে । সেয়ে এই সংকটৰ পৰা বাচিবৰ কাৰণে কিছু নতুন মৌদ্ৰিক নীতি তথা বিত্তীয় বিকাশ ক্ষীপ্ৰ কৰাৰ উপায়ৰ প্ৰস্তুতি কৰা হৈছে ।

তেওঁ লগতে আশা প্ৰকাশ কৰে যে, 3 মে'ৰ পাচত অধিক ক্ষেত্ৰৰেই অৰ্থব্যৱস্থা পুনৰ আৰম্ভ হৈ যাব । কিন্ত আন্তঃৰাষ্ট্ৰীয় যাত্ৰী পৰিবহন হয়তো বহুত দিনলৈ বন্ধ থাকিব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰে । তেওঁ কয় যে,আভ্যন্তৰীণ অৰ্থব্যৱস্থাৰ প্ৰশ্ন আছে,সেয়ে পৰ্যায় অনুসৰি সকলোবোৰ মুকলি কৰিবলৈ অনুমতি দিয়া হ'ব। আনহাতে,বন্ধৰ সময়ত প্ৰভাৱান্বিত হোৱা সকলো ক্ষেত্ৰকে সকাহ দিয়াৰ প্ৰয়াস কৰা হ'ব।

তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকে কিছুদিনৰ পূৰ্বে কৰা ঘোষণাৰ কথা উল্লেখ কৰি কয় যে,আৰ বি আয়ে অৰ্থনীতিৰ বিকাশ তৰান্বিত কৰাৰ ক্ষেত্ৰত যথেষ্ট নতুন নীতি আৰু উদ্দীপনামূলক পেকেজ ঘোষণা কৰিছে,যিয়ে ভাৰতীয় অৰ্থনৈতিক সংকট কমাব পাৰিব ।

লগতে পঢ়কঃ ধিঙত হাইড্ৰপনিক পদ্ধতিৰে উৎপাদন কৰিছে ধানৰ কঠীয়া

ABOUT THE AUTHOR

...view details