নিউজ ডেস্ক, 2 এপ্ৰিলঃ চৰকাৰে গ্ৰহণ কৰা বেংকসমূহৰ একত্ৰীকৰণ কাৰ্যসূচী বুধবাৰৰ পৰা আৰম্ভ কৰা হৈছে ৷ ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ এই একত্ৰীকৰণৰ দ্বাৰা ছটাকৈ ৰাজহুৱা খণ্ডৰ বেংকক আন চাৰিটা বেংকৰ সৈতে সংযুক্ত কৰা হয় ৷ সমগ্ৰ দেশব্যাপী চলি থকা 21 দিনীয়া লকডাউনৰ মাজতে এইদৰে বেংকসমূহৰ একত্ৰীকৰণে দেশৰ বিত্তীয় খণ্ডটোক শক্তিশালী কৰি তুলিবলৈ সক্ষম হ‘ব ৷
বেংকসমূহৰ একত্ৰীকৰণ কাৰ্যকৰীকৰণ আৰম্ভ - ইণ্ডিয়ান বেংক
চৰকাৰে গ্ৰহণ কৰা একত্ৰীকৰণ কাৰ্যসূচীৰ অংশস্বৰূপে বুধবাৰৰ পৰা বিভিন্ন বেংকসমূহৰ একত্ৰীকৰণ আৰম্ভ হৈছে ৷ ইয়াৰ ভিতৰত অৰিয়েন্টেল বেংক অৱ কমাৰ্চ, ইউনাইটেড বেংক, ছিণ্ডিকেট বেংক, অন্ধ্ৰ বেংক আৰু কৰ্পৰেশ্বন বেংক, এলাহাবাদ বেংক অন্যতম ৷
চৰকাৰে গ্ৰহণ কৰা এই নতুন বিত্তীয় নীতিৰ ভিতৰত অৰিয়েন্টেল বেংক অৱ কমাৰ্চ আৰু ইউনাইটেড বেংকক পঞ্জাৱ নেশ্বনেল বেংকৰ সৈতে, ছিণ্ডিকেট বেংকক কানাৰা বেংকৰ সৈতে, অন্ধ্ৰ বেংক আৰু কৰ্পৰেশ্বন বেংকক ইউনিয়ন বেংকৰ সৈতে আৰু এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ সৈতে একত্ৰ কৰা হয় ৷ এই একত্ৰীকৰণৰ দ্বাৰা অনাগত তিনিবৰ্ষত বেংকসমূহে 2500 কোটিৰ সহযোগিতা লাভালাভ গ্ৰহণ কৰিবলৈ সক্ষম হ‘ব ৷ বেংকসমূহৰ এই একত্ৰীকৰণ নীতিৰ ভিতৰত 7টা বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক আৰু 5টা ক্ষুদ্ৰ ৰাজহুৱা খণ্ডৰ বেংক সন্নিৱিষ্ট কৰা হৈছে ৷ 2017 বৰ্ষলৈ দেশত সৰ্বমুঠ 27টা ৰাজহুৱা খণ্ডৰ বেংক আছিল, যিটো অনাগত বিত্তীয় বৰ্ষত 18ৰ পৰা 12টালৈ অৱনমিত কৰা হ‘ব ৷
বিগত 4 মাৰ্চত চৰকাৰে 10টাকৈ বেংকক ৰাজহুৱা বেংকৰ সৈতে সংলগ্ন কৰাৰ কথা ঘোষণা কৰিছিল ৷